চিটাৰা ডেস্ক,১৯ জানুৱাৰী : বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে ২০১৯ চনৰ অক্টোবৰ মাহত ঘোষণা কৰিছিল "মহাভাৰত" ছবিখনৰ । ঐতিহাসিক "দ্ৰোপদী" চৰিত্ৰক আধাৰ হিচাপে লৈ নিৰ্মাণ হ'বলগা ছবি "মহাভাৰত"ত সহ প্ৰযোজকৰ লগতে মূল চৰিত্ৰত অভিনয়ৰো ইচ্ছা প্ৰকাশ কৰিছিল দীপিকা পাডুকনে । ইয়াৰ পিছতে ছবিখনকলৈ চাৰিওফালে চৰ্চা আৰম্ভ হৈছিল কিন্তু শেহতীয়াকৈ এটা খবৰে সকলোকে চিন্তিত কৰি তুলিছে । খবৰ অনুসৰি ছবিখন নিৰ্মাণ বন্ধ কৰি দিয়া হৈছে আৰু ছবিখন নিৰ্মাণৰ বাবে সঠিক সময় আহিলে পুনৰ ছবি নিৰ্মাণকাৰী দলটোৱে আৰম্ভ কৰিব ছবিখনৰ কাম । ইফালে দীপিকা পাডুকনে ছবি নিৰ্মাতা মধু মন্তেনাৰ সৈতে একেলগে ছবিখনকলৈ বিভিন্ন পৰিকল্পনাও আৰম্ভ কৰিছিল আৰু তেওঁলোকে কেইবাগৰাকী পৰিচালকৰ সৈতেও কথা বতাৰ পাতিছিল । সেইসকল পৰিচালকৰ ভিতৰত ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশাল ভৰদ্বাজও আছিল । আনকি ছবি খন ২০২১ ৰ দীপাৱলীত মুক্তি দিয়াৰ বাবেও পৰিকল্পনা কৰা হৈছিল ।
কিন্তু বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে ছবিখনৰ নিৰ্মাণকাৰী দলটোৱে ছবিখনৰ বাবে এজন উপযুক্ত পৰিচালক নোপোৱাৰ বাবেই ছবিখনৰ নিৰ্মাণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সম্প্ৰতি "মহাভাৰত"ৰ দলটো ছবিখনৰ জাহাজৰ কেপ্তেইন চৰিত্ৰৰ বাবে অভিনেতা বিচাৰি আছে যদিও ছবিখন নিৰ্মাণক লৈ এতিয়া ডাঙৰ প্ৰশ্নবোধক হিচাপে ঠিয়ে দিছে একাংশ চলচিত্ৰ প্ৰেমীৰ মাজত ।