হায়দৰাবাদ,19 ডিচেম্বৰঃ চলমান খানৰ দাবাংগ-3 ঘোষণাৰ পিছতে ছবিখন খুবেই চৰ্চিত হৈ পৰিছে ৰাইজৰ মাজত ৷ চুপাৰষ্টাৰগৰাকীয়ে ছবিখনৰ অন্য তাৰকা তথা কলা-কুশলীৰ সৈতে বিভিন্ন প্লেটফৰ্মত প্ৰমোচন কৰা পৰিলক্ষিত হৈছে ৷ ছবিখন হিন্দী ভাষাৰ লগতে দক্ষিণ ভাৰতীয় ভাষাতো মুক্তি পাব,গতিকে ছবিখনৰ প্ৰচাৰ চলাবলৈ দক্ষিণ ভাৰতৰ ৰাজ্যকেইখনলৈ শেহতীয়াকৈ যাত্ৰা কৰিছে দাবাংগ-3ৰ কলা-কুশলীসকলে ৷
দাবাংগ-3 প্ৰমোচনৰ বাবে হায়দৰাবাদত উপস্থিত ছবিখনৰ তাৰকা - প্ৰভু দেৱা
এইকেইদিন ছবিখনৰ প্ৰমোচন কৰাত ব্যস্ত দাবাংগ-3ৰ কলা-কুশলীসকল ৷ বৃহস্পতিবাৰে ছবিখনৰ সকলো তাৰকাই হায়দৰাবাদত উপস্থিত হৈ জোৰদাৰ ৰূপত প্ৰমোচন কৰে আহিবলগীয়া ছবিখনৰ ৷
দাবাংগ-3 প্ৰমোচন
বৃহস্পতিবাৰে ছবিখন প্ৰমোচনৰ বাবে চলমান খান সহ তাৰকা সোণাক্ষী সিনহা , কিচ্চা সুদ্দীপ , সাই মঞ্জেৰকাৰ আৰু ছবি নিৰ্দেশক প্ৰভু দেৱাসহ উপস্থিত হয় হায়দৰাবাদ চহৰত ৷ সেই প্ৰমোচন অনুষ্ঠানত বিশেষ অতিথি ৰূপত উপস্থিত থাকে দক্ষিণ ভাৰতীয় ছবিৰ চুপাৰষ্টাৰ ডগ্গুবাতী ভেংকটেশ আৰু ৰামচৰণ ৷ এই অনুষ্ঠানত চলমান খানৰ সৈতে তেওঁলোকে গীতৰ তালে তালে নৃত্য পৰিৱেশন কৰাও পৰিলক্ষিত হয় ৷