অসম

assam

ETV Bharat / sitara

ডুবাইত চনু নিগম, কৰ'ণা ভাইৰাছৰ সংকট নকমা পৰ্যন্ত ঘূৰি নাহে ডুবাইৰ পৰা

বিগত কিছুদিনৰ পৰা ডুবাইত আছে জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণা ভাইৰাছৰ আতংক নকমালৈকে ডুবাইৰ পৰা ঘূৰি নহাৰ সিদ্ধান্ত জনপ্ৰিয় কন্ঠশিল্পীগৰাকীৰ ৷

By

Published : Mar 21, 2020, 10:44 AM IST

COVID-19: Sonu Nigam won't return from Dubai until things get normal
ডুবাইত চনু নিগম

চিটাৰা ডেস্ক,21 মাৰ্চঃ শেহতীয়াকৈ কৰ'ণা ভাইৰাছে আতংকৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বত ৷ বৰ্তমানলৈকে ভাৰতত কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা 249 জন ৷ ইয়াৰ মাজতে বলীউডৰ জনপ্ৰিয় গায়িকা কনিকা কাপুৰ কৰ'ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ সমগ্ৰ বিষয়টোকলৈ সাধাৰণ ৰাইজৰ লগতে চিন্তিত বলীউডৰ চেলিব্ৰেটী সকলো ৷

তাৰ মাজতে এটা খবৰ আহি পৰিছে যে, ডুবাইত আৱদ্ধ হৈ আছে বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী চনু নিগম ৷ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণা ভাইৰাছৰ আতংক নকমালৈকে তেওঁ নিজেই ভাৰতলৈ ঘূৰি আহিব বিচৰা নাই ৷

চনু নিগমে জনাই যে, " মই 5 মাৰ্চলৈকে হিমালয়ত আছিলো আৰু তাৰ পিছত মোৰ মুম্বাইত হ'বলগীয়া সংগীতানুষ্ঠান বাতিল হোৱা বাবে মই 17 মাৰ্চলৈকে পৰিয়ালৰ সৈতে সময় কটাম বুলি ডুবাইলৈ আহিলো ৷ কিন্তু এতিয়া পৰিস্থিতি সুস্থিৰ হোৱালৈকে ইয়াতে অপেক্ষা কৰিব লাগিব ৷ নিৰীক্ষণৰ মাজত মই ফচিব বিচৰা নাই আৰু পূৰ্বৰ পৰাই সমস্যাৰ বোজা গ্ৰহণ কৰি থকা বিষয়ববীয়াসকলকো নিৰীক্ষণৰ বোজা দিব বিচৰা নাই ৷ "

লগতে তেওঁ ক'ভিড-19ৰ সাৱধানতাসমূহৰ বিষয়েও উল্লেখ কৰি জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস কৰে ৷

আৰু পঢ়কঃনিৰ্ভয়া কাণ্ডৰ ন্যায়ঃ বলীউড চেলিব্ৰেটীয়ে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details