অসম

assam

ETV Bharat / sitara

'83' ৰণবীৰৰ পত্নীৰ ৰূপত দেখা যাব দিপীকা পাডুকণক

বিশিষ্ট ক্ৰিকেটাৰ কপিল দেৱৰ জীবনৰ লগতে 1983 চনৰ বিশ্বকাপ ক্ৰিকেটৰ পটভূমিত আধাৰিত ছবিখনত কপিল দেৱৰ পত্নীৰ ভূমিকাত অভিনয় কৰিব দিপীকাই

By

Published : Jun 12, 2019, 3:32 PM IST

'83' ৰণবীৰৰ পত্নীৰ ৰূপত দিপীকা

নিউজ ডেস্ক, 12: ৰিয়েল লাইফৰ পত্নীক এইবাৰ প্ৰত্যক্ষ কৰিবলৈ পাব ৰিল লাইফত ৷ ৰণবীৰ সিঙৰ '83' অভিনয় কৰিব দিপীকা পাডুকণে ৷ বিশিষ্ট ক্ৰিকেটাৰ কপিল দেৱৰ জীৱনৰ লগতে 1983 চনৰ বিশ্বকাপ ক্ৰিকেটৰ পটভূমিত আধাৰিত ছবিখনত কপিল দেৱৰ পত্নীৰ ভূমিকাত অভিনয় কৰিব দিপীকাই ৷ বুধবাৰে ইনষ্টাগ্ৰামযোগে এই কথা সদৰী কৰিলে অভিনেতা ৰণবীৰ সিঙে ৷ ইতিমধ্যে ছবিখনৰ দৃশ্য গ্ৰহণ আৰম্ভ হৈছে লণ্ডনত ৷ আনহাতে, দৃশ্য গ্ৰহণৰ বাবে লণ্ডন অভিমুখে যাত্ৰা কৰিছে ৰণবীৰ সিঙসহ ছবিখনৰ কলা-কুশলীসকল ৷

ABOUT THE AUTHOR

...view details