Article 15ৰ মুক্তিত বাধা !
প্ৰতিবাদৰ সন্মুখীন হৈছে আয়ুস্মান খুৰানা অভিনীত ছবি আৰ্টিকল 15 ৷ ব্ৰাহ্মণ সমাজক ছবিখনত ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে সমাজখনে ৷ পৰিচালক নিৰ্মাতা অনুভৱ সিনহাক 48 ঘণ্টাৰ ভিতৰত ব্ৰাহ্মণৰ নাম আঁতৰাবলৈ অথবা চিনেমাখন বন্ধ কৰিবলৈ সকীয়াই দিলে ব্ৰাহ্মণ সমাজে ৷ অন্যথা যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ হুংকাৰ দিছে ব্ৰাহ্মণ সমাজে ৷
নিউজ ডেস্ক,26 জুন : পুনৰ বাধাৰ সন্মুখীন বলীউদৰ ছবি ৷ চিনেমাত ব্ৰাহ্মণ সমাজৰ ভুল ছবি উপস্থাপন কৰাৰ অভিযোগ ৷ প্ৰতিবাদৰ সন্মুখীন হৈছে আয়ুস্মান খুৰানা অভিনীত ছবি আৰ্টিকল 15 ৷ ব্ৰাহ্মণ সমাজক ছবিখনত ভুলকৈ উপস্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে সমাজখনে ৷ পৰিচালক নিৰ্মাতা অনুভৱ সিনহাক 48 ঘণ্টাৰ ভিতৰত ব্ৰাহ্মণৰ নাম আঁতৰাবলৈ অথবা চিনেমা খন বন্ধ কৰিবলৈ সকীয়াই দিলে ব্ৰাহ্মণ সমাজে ৷ অন্যথা যিকোনো পৰিস্থিতিৰ বাবে সাজু থাকিবলৈ হুংকাৰ দিছে ব্ৰাহ্মণ সমাজে ৷ 28 জুনত ছবিগৃহলৈ অহাৰ কথা আছে ছবিখন ৷