চিটাৰা ডেস্ক, ২৬ অক্টোবৰ: বোম্বে উচ্চ ন্যায়ালয়ে মঙলবাৰে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জাামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব । বোম্বে উচ্চ ন্যায়ালয়ে যোৱা ২১ অক্টোবৰত জামিন আবেদনৰ শুনানি আজি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছিল । অধিবক্তা সতীশ মানেশিন্দেই জনোৱা মতে, তেওঁলোকে এই গোচৰৰ শুনানি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে গ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল । কিন্তু ন্যায়াধীশ এইক্ষেত্ৰত অসন্মত হয় ।
উল্লেখ্য যে, বলীউডৰ অভিনেতা শ্বাহৰুখ খানে যোৱা ২১ অক্টোবৰত মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা পুত্ৰ আৰিয়ানক সাক্ষাৎ কৰে । কাৰাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে, ক'ভিড-১৯ মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ পৰিপ্ৰেক্ষিতত পূৰ্বে অভিযুক্তক আন লোকক সাক্ষাৎ কৰাৰ অনুমতি দিয়া হোৱা নাছিল । কিন্তু মঙলবাৰৰ পৰা এই নিয়ম কিছু শিথিল কৰা হয় । অৱশ্যে পৰিয়ালৰ দুজন সদস্যক সাক্ষাৎ কৰিবলৈহে অনুমতি দিয়া হৈছে প্ৰতিজন কয়দীক ।
আনহাতে, যোৱা ২০ অক্টোবৰত মুম্বাইৰ এনডিপিএছ আদালতে এই গোচৰ সন্দৰ্ভতে আৰিয়ান খান(Aryan Khan)) আৰু আন দুজন অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছিল । আৰিয়ান খানে এনডিপিএছ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই বোম্বে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় ।