অসম

assam

গ্ৰন্থৰ ৰূপত প্ৰকাশ পাব চুনু চুডে প্ৰৱাসী শ্ৰমিকক কৰা সহায়ৰ কাহিনী

By

Published : Jul 15, 2020, 11:50 AM IST

Updated : Jul 15, 2020, 12:47 PM IST

লক ডাউনৰ সময়ছোৱাত প্ৰৱাসী শ্ৰমিকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ ক্ষেত্ৰত বলিউড অভিনেতা চনু চুড এক উৎকৃষ্ট উদাহৰণ হিচাপে থিয় দিছে ৷ এই সমগ্ৰ বিৱৰণ তথা তেওঁৰ অনুভৱ এক কিতাপৰূপে প্ৰকাশ কৰিব অভিনেতাগৰাকীয়ে ৷ এই কিতাপখন Penguin Random House Indiaৰ তত্বাৱধানত প্ৰকাশ কৰা হ’ব বুলি জানিব পৰা গৈছে ৷

Sonu Sood to write a book
কিতাপৰূপে অনুভৱ ব্যক্ত কৰিব চনু চুডে

চিটাৰা ডেস্ক, 15 জুলাই : বলিউড অভিনেতা চনু চুডে এইবাৰ কিতাপ লিখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ লক ডাউনৰ সময়ছোৱাত প্ৰৱাসী শ্ৰমিকসকলক কৰা সহায়ৰ অনুভৱ ব্যক্ত কৰাৰ হেতু এই কিতাপখন লিখাৰ সংকল্প হাতত লৈছে অভিনেতাগৰাকীয়ে ৷

তেওঁ সদৰি কৰা মতে, ‘‘লক ডাউনৰ এই 3.5 মাহ সময়খিনি মোৰ বাবে এক জীৱন পৰিৱৰ্তনৰ অভিজ্ঞতা বুলি ক’ব পাৰি ৷ প্ৰতিদিনে শ্ৰমিকসকলৰ সৈতে 16-18 ঘণ্টা সময় অতিবাহিত কৰিছো আৰু তেওঁলোকৰ দুখ-কষ্টবোৰ উপলব্ধি কৰিবলৈ চেষ্টা কৰিছো ৷ যেতিয়া তেওঁলোকে নিজ-নিজ ঘৰলৈ গৈ নতুন কামৰ আৰম্ভণি কৰা বিষয়টো মনলৈ আহে, তেতিয়া মোৰ মনে শান্তি লাভ কৰে ৷ তেওঁলোকৰ মুখৰ হাঁহি, চকুত স্পষ্টৰূপত দেখা সুখৰ চিন মোৰ জীৱনৰ এক বিশেষ অনুভৱ ৷ মই প্ৰতিজ্ঞা কৰিছো, শ্ৰমিকসকলক নিজ ঘৰলৈ পঠিওৱাৰ কাম মই কৰি থাকিম ৷’’

ভগৱানক ধন্যবাদ জ্ঞাপন কৰি চনু চুডে কয় যে, প্ৰৱাসী শ্ৰমিকসকলক সহায় কৰি তেওঁ নিজকে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, অসম, উত্তৰাখণ্ড আৰু বহু ৰাজ্যৰ আৱাসী যেন অনুভৱ কৰিছে আৰু নতুন নতুন বন্ধুবৰ্গৰ সৈতে সম্পৰ্ক স্থাপন কৰিছে ৷ তেওঁৰ এই কিতাপখন Penguin Random House Indiaৰ তত্বাৱধানত প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : সুন্দৰবনলৈ বিপদ মাতিছে প্লাষ্টিকৰ বেগে

Last Updated : Jul 15, 2020, 12:47 PM IST

ABOUT THE AUTHOR

...view details