চিটাৰা ডেস্ক, 17 ডিচেম্বৰ : আজি বলীউডৰ অভিনেতা জন আব্ৰাহামৰ ওপজাদিন ৷ 49 বছৰত ভৰি দিলে অভিনেতাগৰাকীয়ে (Happy Birthday John Abraham) ৷ মডেল হিচাপে কেৰিয়াৰৰ আৰম্ভণি কৰা জনে 2003 চনত জিছম ছবিখনৰে বলীউডত আত্মপ্ৰকাশ ঘটাইছিল ৷
কেৰিয়াৰৰ আৰম্ভণিতে ধুম, দোস্তানা আৰু গৰম মচলাৰ দৰে কেইখনমান হিট ছবিত অভিনয় কৰা জন আব্ৰাহামে কাল, টেক্সি নং ৯২১১, বাবুল আৰু ঝুথা হি সহীৰ দৰে কেইবাখনো ব্যৱসায়িকভাৱে বিফল ছবিত অভিনয় কৰে ৷ বলীউডত নিজৰ স্থান মজবুত কৰাৰ বাবে অভিনেতাগৰাকীয়ে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল ৷ বহু কষ্টৰ অন্তত জনে নিজকে বলীউডত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷
জনে কেৰিয়াৰত সফলতা লাভ কৰাৰ আন এক উল্লেখ্যযোগ্য কাৰণ হৈছে, একাধিক দেশপ্ৰেমমূলক ছবিত কৰা অভিনয় ৷ অভিনেতাগৰাকীৰ ওপজাদিনৰ দিনটোতে চাওক আহক তেনে 5 খন উল্লেখযোগ্য ছবি-
1. পৰমাণু (Parmanu)
এটা সঁচা কাহিনীৰ ওপৰত আধাৰিত 'পৰমাণু : দ্য ষ্টৰী অৱ পোখৰাণ' ত জন আব্ৰাহামে IAS বিষয়া আশ্বত ৰাইনাৰ ভূমিকাত অভিনয় কৰিছিল ৷ যি ১৯৯৮ চনত পোখৰাণত ভাৰতীয় সেনাই চলোৱা পাৰমাণৱিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণৰ নেতৃত্ব বহন কৰিছিল ৷ ছবিখনে বক্স অফিচত হিট হিচাপে পৰিচিত হোৱাই নহয়, প্ৰায় 100 কোটি টকা উপাৰ্জন কৰিবলৈও সক্ষম হৈছিল ৷
2. ধিছুম (Dishoom)
মধ্য প্ৰাচ্যৰ এজন বুকীৰ দ্বাৰা অপহৃত ভাৰতীয় শীৰ্ষ ক্ৰিকেটাৰক বচাবলৈ চেষ্টা কৰাৰ ঘটনাৰ আধাৰত নিৰ্মাণ কৰা হৈছিল এই ছবিখন ৷ এই ছবিখনত অভিনয় কৰিছে জন আব্ৰাহাম আৰু বৰুণ ধাৱানে ৷ ছবিখন এক্সন-কমেডী ধৰণৰ ৷ ইয়াৰে মুখ্য চৰিত্ৰটো ৰূপায়ণ কৰিছে জনে ৷