অসম

assam

ETV Bharat / sitara

ড্ৰাগছ সেৱনকাৰীৰ প্ৰেমিকা হোৱাৰ বাবে ৰিয়াক গ্ৰেপ্তাৰ: ৰিয়াৰ অধিবক্তা - অকলশৰীয়া মহিলা

ৰিয়া চক্ৰৱৰ্তীৰ গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে তেওঁৰ অধিবক্তাই। ড্ৰাগছ আসক্ত এজন লোকৰ প্ৰেমিকা হোৱাৰ বাবেই এগৰাকী অকলশৰীয়া মহিলাক সকলো ফালৰ পৰা বিফল কৰাৰ লক্ষ্য কৰি লোৱা হৈছে বুলি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সিদ্ধান্তক সমালোচনা কৰে ৰিয়াৰ অধিবক্তা সতীশ মনশিন্দেই।

ড্ৰাগছ সেৱনকাৰীৰ প্ৰেমিকা হোৱাৰ বাবে ৰিয়াক গ্ৰেপ্তাৰ: ৰিয়াৰ অধিবক্তা
ড্ৰাগছ সেৱনকাৰীৰ প্ৰেমিকা হোৱাৰ বাবে ৰিয়াক গ্ৰেপ্তাৰ: ৰিয়াৰ অধিবক্তা

By

Published : Sep 8, 2020, 7:31 PM IST

চিটাৰা ডেস্ক,৮ছেপ্টেম্বৰ: ৩ দিন ধৰি ধাৰাবাহিকভাৱে জেৰা চলোৱাৰ পিছত অৱশেষত মঙলবাৰে নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই গ্ৰেপ্তাৰ কৰিলে ৰিয়া চক্ৰৱৰ্তীক। ৰিয়াৰ গ্ৰেপ্তাৰৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰিয়াৰ অধিবক্তা সতীশ মনশিন্দেই । ড্ৰাগছ আসক্ত এজন লোকৰ প্ৰেমিকা হোৱাৰ বাবেই এগৰাকী অকলশৰীয়া মহিলাক সকলো ফালৰ পৰা বিফল কৰাৰ লক্ষ্য কৰি লোৱা হৈছে বুলি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ সিদ্ধান্তক সমালোচনা কৰে অধিবক্তাগৰাকীয়ে । মুম্বাইত ৫গৰাকী মনোচিকিৎসকৰ সৈতে আলোচনা কৰি থকা বুলিও মন্তব্য কৰে সতীশ মনশিন্দেই।

আনহাতে, নাৰ্ক'টিক্স কন্ট্ৰ'ল ব্যুৰ'ই সোধ-পোচ অব্যাহত ৰখা দুয়োটা দিনতে ৰিয়াক সংবাদ মাধ্যমৰ পৰা আঁতৰি থকা দেখা গৈছিল। কিন্তু মঙলবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে যোৱাৰ সময়ত ৰিয়াই অপ্ৰত্যাশিতভাৱে সংবাদ মাধ্যম ফালে চাই হাত জোকাৰি ইংগিত দিয়া পৰিলক্ষিত হৈছিল। সংবাদ মাধ্যমক দিয়া মন্তব্যত মনশিন্দেই কয় যে, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত বান্দ্ৰাত ৰিয়াই দাখিল কৰা এজাহাৰ চি বি আইক হস্তান্তৰ কৰা হৈছে। দিল্লীৰ চিকিৎসকৰ বিৰুদ্ধে ৰিয়াই উত্থাপন কৰা অভিযোগৰ ভিত্তিত চি বি আয়ে তদন্ত কৰিব। এন ডি পি এছ অধিনিয়মৰ বিভিন্ন ধাৰাৰ অধীনত ড্ৰাগছ ব্যৱহাৰৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।

ABOUT THE AUTHOR

...view details