অসম

assam

ETV Bharat / sitara

'জগ্গা জাচুছ'ৰ পৰা কিয় বহিস্কাৰ কৰিছিল কমেডী হিৰো গোবিন্দক ?

৯০ দশকৰ বলিউড ষ্টাৰ গোবিন্দক 'জগ্গা জাচুছ'ৰ দৃশ্যগ্ৰহণৰ পৰা বহিস্কাৰ সন্দৰ্ভত মত প্ৰকাশ ছবি নিৰ্মাতা অনুৰাগ বাসুৰ ।

By

Published : Dec 26, 2020, 10:06 PM IST

বলিউড ষ্টাৰ গোবিন্দ
বলিউড ষ্টাৰ গোবিন্দ

চিটাৰা ডেস্ক, ২৬ ডিচেম্বৰ: ছবি নিৰ্মাতা অনুৰাগ বাসুৰ নেটফ্লিক্সত মুক্তি লাভ কৰা ছবি 'লুঅ'ই যথেষ্ঠ সফলতা লাভ কৰে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰে হোৱা এক সাক্ষাৎকাৰত জনপ্ৰিয় ছবি 'জগ্গা জাচুছ'ত কিয় কমেডী হিৰো গোবিন্দক বহিস্কাৰ কৰা হৈছিল সেই বিষয়ে মন্তব্য প্ৰকাশ কৰে বাসুৱে ।

যোৱা 6 বছৰ ধৰি ছবিজগতত কাম কৰি অহা বাসুৱে 'জগ্গা জাচুছ'ৰ দৃশ্যগ্ৰহণৰ কাম দক্ষিণ আফ্ৰিকাত কৰিছিল । ছবিখনত অভিনয়ৰ বাবে গোবিন্দৰে চুক্তিবদ্ধ হৈছিল যদিও অনাকাংক্ষিতভাৱে অভিনেতাগৰাকী বিৰত থাকিবলগীয়া হয় । কিয়নো ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে গোবিন্দৰ তৰফৰ পৰা কোনোধৰণৰ খবৰ লাভ কৰা নাছিল বাসুৱে । যাৰ বাবে তেওঁক অনাকাংক্ষিতভাৱে ছবিখনৰ কামৰ পৰা বহিস্কাৰ কৰে । ইয়াৰ পাচতে গোবিন্দই ইটোৰ পাচত সিটো টুইটযোগে সমালোচনা কৰিছিল বাসুক ।

বলিউড ষ্টাৰ গোবিন্দ

২০১৭ চনত মুক্তিলাভ কৰা ছবিখনত জনপ্ৰিয় অভিনেতা ৰণবীৰ কাপুৰ আৰু কেটৰীণা কাঈফৰ অভিনয়ে বক্স অফিচত ব্যাপক চৰ্চা লাভ কৰিছিল ।

লগতে পঢ়ক: 'ভদ্ৰলোক' বুলি সম্বোধন কৰি মহেশ বাবুক প্ৰশংসা ৰণবীৰৰ

ABOUT THE AUTHOR

...view details