অসম

assam

ETV Bharat / sitara

অৱশেষত কৰ'ণা পৰীক্ষণ নিগেটিভ আহিল অমিতাভ বচ্চনৰ

অমিতাভ বচ্চন জয়ী হ'ল কৰ'ণা যুদ্ধত ৷ শেহতীয়াকৈ কৰ'ণা টেষ্টৰ ফলাফল নিগেটিভ আহিল মেগাষ্টাৰ গৰাকীৰ ৷ তাৰ পিছতে তেওঁক অব্যাহতি দিয়া হয় হাস্পতালৰ পৰা ৷

By

Published : Aug 2, 2020, 7:10 PM IST

Amitabh Bachchan tests negative for coronavirus
অৱশেষত কৰ'ণা পৰীক্ষণ নিগেটিভ আহিল অমিতাভ বচ্চনৰ

চিটাৰা ডেস্ক,2 আগষ্টঃ বহু প্ৰতীক্ষাৰ অন্তত অৱশেষত বলীউডৰ মহানায়ক অমিতাভ বচ্চনৰ কৰ'ণাৰ পৰীক্ষণৰ ফলাফল নিগেটিভ আহিল ৷ তাৰ পিছতে তেওঁক অব্যাহতি দিয়া হয় মুম্বাইৰ নানাৱতী হাস্পতালৰ পৰা ৷ বৰ্তমান তেওঁ সুস্থ হৈ উভতিছে নিজ গৃহলৈ ৷ এই কথা নিজৰ টুইটাৰ একাউন্ট যোগে অনুৰাগীক জানিবলৈ দিছে অভিনেতা অভিষেক বচ্চনে ৷

লগতে অভিষেক বচ্চনে তেওঁৰ নিজৰ কৰ'ণা ভাইৰাছৰ চিকিৎসা অব্যাহত আছে বুলি জনাইছে টুইট যোগে ৷

অভিষেক বচ্চনৰ পিছত অমিতাভ বচ্চনে নিজেও টুইট যোগে তেওঁ কৰ'ণা যুদ্ধত জয়ী হোৱাৰ খবৰ অনুৰাগীৰ লগত শ্বেয়াৰ কৰে ৷ লগতে মেগাষ্টাৰ গৰাকীয়ে শুভাকাংক্ষী সকলে তেওঁৰ বাবে কৰা প্ৰাৰ্থনাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়কঃৰিয়া যদি সঁচা হয় লুকা-ভাকু খেলা বন্ধ কৰিব লাগেঃ বিহাৰৰ ডিজিপি

ABOUT THE AUTHOR

...view details