চিটাৰা ডেস্ক, 21 মাৰ্চ :বলীউডত মিষ্টাৰ পাৰফেক্চ’নিষ্ট হিচাপে খ্যাত আমিৰ খানে শেহতীয়াকৈ মন্তব্য কৰিছে সদ্য় মুক্তি প্ৰাপ্ত বহু চৰ্চিত ছবি ‘দ্য কাশ্মীৰ ফাইল্ছ’ সন্দৰ্ভত (Aamir Khan's statement on The Kashmir Files) ৷ দেওবাৰে দিল্লীত বিখ্যাত চিত্ৰ নিৰ্মাতা এছ. এছ ৰাজামৌলীৰ মুক্তি পাবলগীয়া ছবি ‘আৰ আৰ আৰ’ ৰ প্ৰচাৰ সম্পৰ্কত অনুৰাগীৰে সৈতে মত বিনিময়ৰ এক অনুষ্ঠান অনুষ্ঠিত হৈছিল ৷ সেই অনুষ্ঠানত উপস্থিত থাকে জনপ্ৰিয় অভিনেতা আমিৰ খান ৷
অনুৰাগীয়ে সোধা এক প্ৰশ্নৰ উত্তৰত আমিৰে কয় যে, "কাশ্মীৰত কাশ্মীৰি পণ্ডিত সকলৰ লগত যি ঘটনা হৈছিল, সেইয়া অতিকৈ দুখজনক ৷ এই শিহৰণকাৰী ঘটনাৰ আধাৰত নিৰ্মিত ছবিখন প্ৰতিজন ভাৰতীয়ই চোৱা উচিত আৰু মনত ৰখা উচিত প্ৰকৃততে হৈছিল কি !" দ্য কাশ্মীৰ ফাইল্ছ সম্পৰ্কে তেওঁ লগতে কয় যে, "মানুহৰ ভাবানুভূতিক জগাই তুলিব পৰাটো ছবি এখনৰ আটাইতকৈ ডাঙৰ সফলতা ৷ এই ছবিখনে মানবীয়তাৰ ওপৰত বিশ্বাস ৰখা প্ৰতিজন মানুহৰে অন্তৰ স্পৰ্শ কৰিছে ৷ মই এই ছবিখন নিশ্চয়কৈ চাম আৰু ছবিখনৰ সফলতা দেখি নথৈ আনন্দিত হৈছো " ৷