চিটাৰা ডেস্ক, ৫ এপ্ৰিল: বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ কৰ'ণাত আক্ৰান্ত হোৱাৰ পূৰ্বে তেওঁৰ আহিবলগীয়া ছবি 'ৰামসেতু'ৰ দৃশ্যগ্ৰহণত ব্যস্ত আছিল । শেহতীয়াকৈ ছবিখনৰ ৪৫ গৰাকী কলা-কুশলীও কৰ'ণাত আক্ৰান্ত হোৱাৰ কথা পোহৰলৈ আহিছে । একচনধৰ্মী ছবি 'ৰামসেতু'ৰ দৃশ্যগ্ৰহণৰ পাঁচ দিন পাচতে কৰ'ণাত আক্ৰান্ত হয় অক্ষয় কুমাৰ ।
অহা ৫ এপ্ৰিলৰ পৰা মাধ দ্বীপত প্ৰায় ১০০ জন কলা-কুশলীয়ে ছবিখনৰ দৃশ্যগ্ৰহণৰ কাম আৰম্ভ কৰিবলৈ সাজু হৈছিল বুলি জানিব পৰা গৈছে । অক্ষয় কুমাৰৰ পাচত যেতিয়া প্ৰতিগৰাকী কলা-কুশলীৰ বাবে কৰ'ণা পৰীক্ষা বাধ্যতামূলক কৰা হয় তেতিয়া ৪০ গৰাকী কলা-কুশলীৰ দেহত ক’ভিড ১৯ ৰ অৱস্থিতি ধৰা পৰে ।