চিটাৰা ডেস্ক,16 নৱেম্বৰ : ছবিসমূহত বিভিন্ন চৰিত্ৰৰ ভূমিকা পালন কৰাৰ বাবে প্ৰত্যেক গৰাকী অভিনেতা-অভিনেত্ৰীৰ সপোন থাকে ৷ সময় অনুযায়ী অভিনেতা-অভিনেত্ৰীসকলে বিভিন্ন চৰিত্ৰ ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে ৷
আমি এনেকুৱা কিছুমান প্ৰদৰ্শনৰ পুনৰাবৃত্তি কৰিম, য’ত অভিনেতাসকলে তৃতীয় লিংগৰ চৰিত্ৰৰ ভূমিকা পালন কৰিছে-
শ্বৰদ কেল্কাৰ : অক্ষয় কুমাৰে লক্ষ্মীৰ চৰিত্ৰ ৰূপায়ণ কৰাৰ পূৰ্বেও অভিনেতা শ্বৰদ কেল্কাৰে ৰাঘৱ ল’ৱেন্সৰ প্ৰথমখন হিন্দী নিৰ্দেশনাৰ ছবিত তৃতীয় লিংগ লক্ষ্মীৰ ভূমিকা লৈছিল ৷ শ্বৰদৰ লক্ষ্মীৰ চৰিত্ৰটোৱে দৰ্শকৰ ইতিবাচক সঁহাৰি লাভ কৰিছিল, কিয়নো তেওঁ অভিনয়ত অতিৰিক্ত প্ৰলোভন দেখুওৱা নাছিল ৷
পৰেশ ৰাৱাল : 1997 চনত মুক্তি লাভ কৰা ‘তমন্না’ ছবিখনত প্ৰখ্যাত অভিনেতা পৰেশ ৰাৱালে ‘টিক্কু’ নামেৰে এক তৃতীয় লিংগৰ চৰিত্ৰৰ ভূমিকা পালন কৰিছিল ৷ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত অভিনেতা গৰাকীয়ে জনোৱা মতে, বিখ্য়াত চৰিত্ৰসমূহৰ ভিতৰত টিক্কুৰ চৰিত্ৰটোও অন্যতম ৷ মহেশ ভাটৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ টিক্কুৰ চৰিত্ৰটো পৰেশ ৰাৱালে অতি উন্নত প্ৰদৰ্শনেৰে দৰ্শকৰ মাজত দাঙি ধৰিছিল ৷
আশুতোষ ৰাণা : অসাধাৰণ প্ৰতিভাৰে কাগজত লিখিত কথাক জীৱন্ত কৰি তোলা অভিনেতাসকলৰ ভিতৰত সাঙোৰ খাই আছে আশুতোষ ৰাণাৰ নাম ৷ এগৰাকী চিৰিয়েল কিলাৰ লাজ্জা শংকৰ পাণ্ডেৰ ভূমিকাৰে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিছিল অভিনেতা আশুতোষ ৰাণাই ৷ তনুজা চন্দ্ৰাৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ বাবে ৰাণাই নিগেটিভ চৰিত্ৰ হিচাপে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷
আনহাতে 2005 চনত অভিনেতা আশুতোষে পুনৰ তৃতীয় লিংগৰ চৰিত্ৰ ‘শ্বৱনম মৌছী’ নামেৰে এক চৰিত্ৰ ৰূপায়ণ কৰে ৷ এগৰাকী সফল ৰাজনীতিবিদ হোৱাৰ বাবে সামাজিক উৎপীড়নক ভালপোৱা এক চৰিত্ৰ ৰূপায়ণ কৰিছিল ৰাণাই ৷ ৰাণাৰ এই চৰিত্ৰয়ো দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তুলিছিল ৷
মহেশ মাঞ্জৰেকাৰ : 2013 চনত মুক্তি লাভ কৰা এখন ছবিত অভিনেতা ৰজ্জো মহেশ মাঞ্জৰেকাৰে ‘বেগম’ৰ চৰিত্ৰ ৰূপায়ণ কৰে, যি এগৰাকী বেশ্যালয়ৰ নিৰ্দেশিকা আছিল ৷ নিৰ্দেশক বিশাল পাটিলৰ এই ছবিখনত মহেশে বেগমৰ চৰিত্ৰটো সাধাৰণভাৱে ৰূপায়ণ কৰা বুলি উল্লেখ কৰে ৷
সদাশিৱ অম্ৰাপুৰ্কাৰ : ‘ছড়ক’ ছবিখনত ৰূপায়ণ কৰা খলনায়কৰ চৰিত্ৰৰ বাবে অভিনেতা সদাশিৱ অম্ৰাপুৰ্কাৰক বলিউডৰ আইকনিক খলনায়কৰ ভিতৰত ধৰা হয় ৷ মহেশ ভাটৰ এই ছবিখনত বেশ্যালয়ৰ ৰাণীৰ ভূমিকা পালন কৰা অভিনেতা সদাশিৱে এই ছবিখনৰ বাবে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ এগৰাকী অপ্ৰিয় তৃতীয় লিংগৰ চৰিত্ৰ ৰূপায়ণ কৰি তেওঁ হিন্দী চিনেমাৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হয় ৷
প্ৰশান্ত নাৰায়ণন : অভিনেতা প্ৰশান্ত নাৰায়ণনে মাৰ্ডাৰ-2 ছবিখনত এগৰাকী তৃতীয় লিংগৰ ভূমিকা পালন কৰে ৷ এই চৰিত্ৰটোৰ বাবে তেওঁ পূৰ্বাভ্যাস কৰা নাছিল ৷ নিৰ্দেশকৰ ওপৰত চকু মুদি ভৰষা কৰিছিল অভিনেতা প্ৰশান্তে ৷ অভিনেতা গৰাকীয়ে এই চৰিত্ৰটোৰ বাবে দৰ্শকৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হয় ৷
নিৰ্মল পাণ্ডে : অমোল পালেকৰৰ ‘ডায়ৰা’ ছবিখনত অভিনেতা নিৰ্মল পাণ্ডেয়ে ট্ৰান্সভেষ্টাইটৰ ভূমিকা পালন কৰিছিল ৷ এই চৰিত্ৰৰ যোগেদি তেওঁৰ অভিনয় শৈলী দৰ্শকৰ আগত স্পষ্ট হৈ পৰিছিল ৷ ছবিখনৰ শেষলৈকে অভিনেতা নিৰ্মলে এই চৰিত্ৰটো অতি স্পষ্টতাৰে ৰূপায়ণ কৰিছিল ৷
লগতে পঢ়ক :আগন্তুক ছবিৰ বাবে সাঁতোৰ শিকাত ব্যস্ত অভিনেত্ৰী ৰাধিকা মদন