অসম

assam

By

Published : Oct 26, 2020, 12:47 PM IST

ETV Bharat / sitara

অভিনয় মানেই ‘I me and myself’ নহয় : পংকজ ত্ৰিপাঠী

"অভিনয় মল্লযুদ্ধ নহয়,য’ত এজনে আনজনৰ বিৰুদ্ধে যুদ্ধ কৰিব আৰু এজনে আনজনক হৰুওৱাৰ প্ৰয়াস কৰে ৷" বিক্ৰান্ত মেছীৰ ‘India Film Project’ত হোৱা বাৰ্তালাপত অভিনয়ক লৈ এই মন্তব্য মিৰ্জাপুৰ ষ্টাৰ পংকজ ত্ৰিপাঠীৰ ৷

Acting isn't about 'I me myself', says Pankaj Tripathi
অভিনয় মানেই ‘I me and myself’ নহয় : পংকজ ত্ৰিপাঠী

চিটাৰা ডেস্ক, 26 অক্টোবৰ : অভিনয় সন্দৰ্ভত বিশেষ মন্তব্য অভিনেতা পংকজ ত্ৰিপাঠীৰ ৷ অভিনয় এক সহযোগী কলা নহয় ৷ ইয়াক মল্লযুদ্ধ খেলৰ দৰে সহ অভিনেতাক হৰুওৱাৰ উদ্দেশ্যে খেলিব নোৱাৰি ৷

ত্ৰিপাঠীয়ে কয় যে, "সাধাৰণতে অভিনেতাসকলে ‘I me and myself’ৰ জালত পৰে,যাৰ ফলত তেওঁলোকে স্ক্ৰীণত সহ অভিনেতাসকলৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰাত অসুবিধাৰ সন্মুখীন হয় ৷" লগতে তেওঁ কয় যে, "অভিনয় মল্লযুদ্ধ নহয়,য’ত এজনে আনজনৰ বিৰুদ্ধে যুদ্ধ কৰিব আৰু এজনে আনজনক হৰুওৱাৰ প্ৰয়াস কৰে ৷ যদি এখন স্ক্ৰীণত 4 গৰাকী অভিনেতা থাকে,তেন্তে আমি দৰ্শকক আমাৰ ভাল সংযোগ দেখুৱাব লাগিব ৷"

বিক্ৰান্ত মেছীৰ ‘India Film Project’ত হোৱা বাৰ্তালাপত এই কথা ব্যক্ত কৰি মিৰ্জাপুৰ ষ্টাৰগৰাকীয়ে কয় যে,তেওঁ সদায় যুৱ অভিনেতাৰ ওপৰত গুৰুত্ব দিয়ে,যিসকলে তেওঁৰ সৈতে কাম কৰে ৷ "মোৰ বাবে সহ অভিনেতা হোৱাৰ পূৰ্বে সেই ব্যক্তিজন সত্য মানুহ,সপোন দেখা ব্য়ক্তি আৰু কামৰ প্ৰতি আগ্ৰহ থাকিব লাগে ৷ সেইবাবে সেইজন ব্যক্তিক সমৰ্থন কৰা উচিত ৷"

লগতে পঢ়ক :পোলেণ্ডৰ দ্যা চিটী কাউন্সিল অৱ ৰোকলাৱত অংকণ বিগ বিৰ পিতৃৰ নাম

ABOUT THE AUTHOR

...view details