অসম

assam

ETV Bharat / sitara

মাজনিশা হাস্পতালত তহল দিছে নেকি অভিষেক বচ্চনে?

শুকুৰবাৰে চ’ছিয়েল মিডিয়াযোগে মাজনিশা হাস্পতালৰ ক’ৰিডৰৰ ফটো শ্বেয়াৰ কৰে ক’ভিড-19 মহামাৰীৰ সৈতে যুঁজি থকা অভিনেতা অভিষেক বচ্চনে ৷

Abhishek Bachchan takes late-night stroll in hospital corridor
মাজনিশা হাস্পতালৰ ক’ৰিডৰৰ ফটো শ্বেয়াৰ অভিষেক বচ্চনৰ

By

Published : Jul 31, 2020, 2:54 PM IST

চিটাৰা ডেস্ক, 31 জুলাই : সম্প্ৰতি COVID-19ৰ মুম্বাইৰ নানাৱতী হাস্পতালত চিকিৎসা গ্ৰহণ কৰি থকা বলিউডৰ অভিনেতা অভিষেক বচ্চনে শুকুৰবাৰে চ’ছিয়েল মিডিয়াযোগে মাজনিশা হাস্পতালৰ ক’ৰিডৰৰ এখন ফটো শ্বেয়াৰ কৰে ৷ অৱশ্যে,জুনিয়ৰ বচ্চনে সময়ে সময়ে তেওঁৰ স্বাস্থ্যৰ বিষয়ে অনুৰাগীসকলক অৱগত কৰি আহিছে ৷

"Light at the end of the tunnel! #late night walks," শীৰ্ষক কেপচনেৰে হাস্পতালৰ ক’ৰিডৰৰ এখন ফটো ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰিছে অভিনেতা গৰাকীয়ে ৷

মাজনিশা হাস্পতালৰ ক’ৰিডৰৰ ফটো শ্বেয়াৰ অভিষেক বচ্চনৰ

ইয়াৰ মাজতে কোনো লোকে চ’ছিয়েল মিডিয়াযোগে ‘‘আপোনাৰ দেউতা হাস্পতালত ভৰ্তি আছে,এতিয়া কাৰ ভৰষাত আপুনি বহি বহি খাব’’ বুলি তেওঁক ট্ৰল দিয়ে ৷ ইয়াৰ প্ৰত্যুত্তৰত অভিষেক বচ্চনে কয় যে,‘‘বৰ্তমানলৈ দুয়ো একেলগে হাস্পতালত বহি খাই আছো’’ ৷

উল্লেখ্য যে,পিতা-পুত্ৰ দুয়ো ক’ভিড-19ত আক্ৰান্ত হোৱাৰ পাচত 11 জুলাইৰ পৰা হাস্পতালত চিকিৎসাধীন হৈ আছে ৷

লগতে পঢ়ক : সাহিত্য মনিষী উপবন উদ্বোধন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

ABOUT THE AUTHOR

...view details