অসম

assam

By

Published : May 1, 2020, 1:58 PM IST

ETV Bharat / sitara

ইৰফান খানলৈ বিশেষ শ্ৰদ্ধাঞ্জলি এজন অসমীয়া অনুৰাগীৰ

বিগত দুটা দিনত দেশবাসীয়ে হেৰুৱালে দুজনকৈ প্ৰতিভাৱান অভিনেতাক ৷ অভিনেতা ইৰফান খান আৰু ঋষি কাপুৰক মৃত্যুক সহজভাৱে ল'ব পৰা নাই অনুৰাগীসকলে ৷ ইৰফান খানৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে লখিমপুৰৰ এজন অনুৰাগীয়ে ঘৰৰ বেৰত আঁকিলে প্ৰিয় অভিনেতাগৰাকীৰ ছবি ৷

a fan tribute to Irrfan khan
ইৰফান খানলৈ বিশেষ শ্ৰদ্ধাঞ্জলি এজন অসমীয়া অনুৰাগীৰ

গুৱাহাটী,1 মে'ঃ2020 বৰ্ষ সকলোৰে বাবে এক প্ৰত্যাহ্বানজনক । শেহতীয়াকৈ ক'ৰণা ভাইৰাছৰ আতংকৰ মাজতে দেশবাসীয়ে হেৰুৱালে দুজনকৈ প্ৰতিভাৱান অভিনেতাক ৷ বুধবাৰে জনপ্ৰিয় অভিনেতা ইৰফান খানৰ মৃত্যুৰ শোক মাৰ নাযাওঁতেই বৃহস্পতিবাৰে ঋষি কাপুৰৰ মৃত্যুৰ খবৰে উকা কৰি গ'ল প্ৰতিজন ছবি প্ৰেমীৰ হৃদয়।

ইৰফান খানলৈ বিশেষ শ্ৰদ্ধাঞ্জলি এজন অসমীয়া অনুৰাগীৰ

ইৰফান খানৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতে নীলিম মহন্ত নামৰ লখিমপুৰৰ এজন অনুৰাগীয়ে ঘৰৰ বেৰত আঁকিলে প্ৰিয় অভিনেতা গৰাকীৰ প্ৰতিচ্ছবি ৷ চিত্ৰশিল্পী নীলিম মহন্তৰ হাতৰ পৰশত প্ৰাণ পাই উঠিল ইৰফান খানৰ সজীৱ ছবি। মৃত্যুৰ খবৰ পোৱাৰ পিছতে নীলিম মহন্তই সকলো কাম এৰি প্রিয় অভিনেতা গৰাকীৰ ছবি আঁকি ইৰফান খানক যাঁচিলে শ্ৰদ্ধাঞ্জলি ।

ইৰফান খানলৈ বিশেষ শ্ৰদ্ধাঞ্জলি এজন অসমীয়া অনুৰাগীৰ

লগতে চাওকঃপৃথিৱীৰ পৰা বিদায় লোৱা ইৰফান খানৰ স্মৃতি সজীৱ কৰি ৰাখিব তেওঁৰ ছবিসমূহে

ABOUT THE AUTHOR

...view details