ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ ছেপ্টেম্বৰ: আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ মহাকাশ যান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই । স্পুটনিকে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২২ চনত দেশখনে আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনলৈ ৫ খন মহাকাশ যান প্ৰেৰণ কৰিব । দুখন চয়ুজ মহাকাশ যান আৰু তিনিখন প্ৰগ্ৰেছ কাৰ্গো মহাকাশ যান প্ৰেৰণ কৰিব ৰাছিয়াই ।
বৰ্তমানলৈকে কৰা পৰিকল্পনা অনুসৰি, ২০২২ চনৰ ১৮ মাৰ্চত ৰাছিয়াৰ মহাকাশচাৰী ওলেগ আৰ্টেময়েভ, ডেনিছ মতভেয়েভ আৰু ছেৰ্গেই কৰ্চাকভৰ সৈতে চয়ুজ এমএছ-২১ মহাকাশ যান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে । ২১ ছেপ্টেম্বৰত ছেৰ্গেই প্ৰকোপয়েভ, আন্না কিকিনা আৰু দিমিত্রি পেটেলিনৰ সৈতে চয়ুজ এমএছ-২২ মহাকাশযান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে ৰাছিয়াই ।