অসম

assam

ETV Bharat / science-and-technology

২০ অক্টোবৰত উইণ্ড'জ-১১ত উপলব্ধ হ'ব অ'এছ - জি এছ এম এ এৰেনা

জি এছ এম এৰেনা(GSMArena)ৰ তথ্য অনুসৰি, শীঘ্ৰেই মাইক্ৰ'ছফ্টৰ উইণ্ড'জ-১১ত টাস্কবাৰতে নতুন অপাৰেটিং ছিষ্টেম উপলব্ধ হ'ব । উইণ্ড'জ-১০ৰ ব্যৱহাৰকাৰীৰ বাবে নতুন অ' এছ আপগ্ৰেড কৰা হ'ব ।

Windows 11 expected to arrive 20th october
২০ অক্টোবৰত উইণ্ড'জ ১১ত উপলব্ধ হ'ব অ'এছ

By

Published : Jun 29, 2021, 3:59 PM IST

নেশ্যনেল ডেস্ক, ২৯ জুন: যোৱা সপ্তাহত মাইক্ৰ'ছফ্টে উন্মোচন কৰা উইণ্ড'জ-১১ত ২০ অক্টোবৰত নতুন অপাৰেটিং ছিষ্টেম আৰম্ভ কৰাৰ সম্ভাৱনা আছে । মাইক্ৰ'ছফ্টৰ উইণ্ড'জ আৰু ডিভাইচৰ মুৰব্বী পানোজ পানায়ে কয় যে, এটা স্ক্ৰীণশ্বটত চাৰ্ফেচ টীমৰ ষ্টিভি বাথিচেৰ পৰা তেওঁলৈ প্ৰেৰণ কৰা বাৰ্তা দেখুওৱা হৈছে । উইণ্ড'জ-১১ৰ ৱেবছাইটত মাইক্ৰ'ছফ্টৰ অফিচিয়েল প্ৰম' সামগ্ৰীবোৰ টাস্কবাৰত ২০ অক্টোবৰত দেখা পোৱা যাব ।

২০ অক্টোবৰত উইণ্ড'জ ১১ত উপলব্ধ হ'ব অ'এছ

জি এছ এম এৰেনা(GSMArena)ই এই তথ্য প্ৰকাশ কৰিছে । উইণ্ড'জ-১০ৰ ব্যৱহাৰকাৰীৰ বাবে নতুন অ' এছ বিনামূলীয়াকৈ আপগ্ৰেড কৰা হ'ব বুলিও তথ্য প্ৰকাশ কৰিছে জি এছ এম এৰেনাই । পূৰ্বে, কোম্পানীটোৱে জনোৱা মতে, উইণ্ড'জ-১১ বিশেষকৈ গেমাৰসকলৰ বাবে প্ৰস্তুত কৰা হৈছে ।

২০ অক্টোবৰত উইণ্ড'জ ১১ত উপলব্ধ হ'ব অ'এছ

উচ্চ ক্ষমতাসম্পন্ন এন ভি এম ই এছ এছ ডি(NVMe SSD)ৰ সৈতে, উইণ্ড'জ-১১ৰ জৰিয়তে নতুন গেমবোৰ আগতকৈ দ্ৰুত গতিত লোড কৰিব পৰা যায় ।

এই প্ৰক্ৰিয়াক এক্সবক্স চিৰিজ এক্স আৰু এক্সবক্স চিৰিজ এ-ত প্ৰদৰ্শিত এক্সবক্স ভেল'চিটি আৰ্কিটেকচাৰৰ অংশ হিচাপেও আগবঢ়োৱা হৈছিল বুলি কোম্পানীটোৱে জানিবলৈ দিছে । ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ কণ্টেক্ট তালিকাত থকা সকলো ব্যক্তিৰ সৈতে মেছেজ, চাট, ভইচ আৰু ভিডিঅ' কলৰ জৰিয়তে তাৎক্ষণিকভাৱে সংযোগ স্থাপন কৰিব পাৰে । যিকোনো স্থানৰ পৰা, উইণ্ড'জ, এণ্ড্ৰইড অথবা আই অ এছৰ জৰিয়তে সংযোগ স্থাপন কৰিব পাৰিব ।

লগতে পঢ়ক:Model S ত বেটাৰী পেকৰ শক্তি ক্ষমতা হ্ৰাস কৰিলে টেছলাই

ABOUT THE AUTHOR

...view details