অসম

assam

By

Published : Feb 28, 2019, 9:24 PM IST

Updated : Feb 16, 2021, 7:51 PM IST

ETV Bharat / science-and-technology

বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ লেপটপ

দৃষ্টিহীন লোকে ব্যৱহাৰ কৰিব পাৰিব ডটবুক

এতিয়া বজাৰত উপলব্ধ "ডট বুক"

নিউজ ডেস্ক,২৮ ফেব্ৰুৱাৰী: বিশেষভাৱে সক্ষম লোকৰ বাবে বিশেষ লেপটপ । পাঁচ বছৰৰ পৰিশ্ৰমৰ অন্তত এইবাৰ বজাৰত মুকলি হ'ল ব্ৰেইল লেপটপ । এতিয়াৰ পৰা দৃষ্টিহীনসকলেও ব্যৱহাৰ কৰিব পাৰিব লেপটপ ।

এতিয়া বজাৰত উপলব্ধ "ডট বুক"

আই আই টি দিল্লীয়ে বুধবাৰে মুকলি কৰে "ডট বুক" নামৰ ভাৰতৰ এই প্ৰথমটো ব্ৰেইললেপটপ । সামাজিক কাম-কাজ তথা শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত এই ডট বুকে নিশ্চয়কৈ দৃষ্টিহীনসকলৰ জীৱনত যোগাত্মক প্ৰভাৱ পেলাব বুলি আশাবাদী আই আই টি দিল্লীৰ অধ্যাপক বালাকৃষ্ণন ।

নইদাস্থিত ক্ৰিটিকেল চলিউচনছ ,চেন্নাইস্থিত ফোয়েনিক্স মেডিকেল ছিষ্টেম আৰু দিল্লীস্থিত ট্ৰাষ্ট আৰু ৱেলকাম ট্ৰাষ্টৰ সহযোগত আই আই টি দিল্লীয়ে নিৰ্মাণ কৰি উলিয়াছে "ডট বুক" নামৰ এই ব্ৰেইল লেপটপটো ।

এই লেপটপৰ দুটা সংস্কৰণ ইতিমধ্যে মুকলি কৰা হৈছে বজাৰত । মুকলি হোৱা প্ৰথম সংস্কৰণ "ডট বুক ২০ পি"ৰ বজাৰ মূল্য চল্লিছ হাজাৰ টকা আৰু দ্বিতীয় সংস্কৰণ "ডট বুক ৪০ কিউ"ৰ বজাৰ মূল্য ষাঠি হাজাৰ টকা ।

উল্লেখ্য যে, এই লেপটপত কোনো স্ক্ৰিণ নাথাকে । ইয়াত থকা ব্ৰেইল লাইনৰ সহায়তে কি-বোৰ্ড ব্যৱহাৰ কৰিব পাৰিব ব্যৱহাৰকাৰীয়ে।

Last Updated : Feb 16, 2021, 7:51 PM IST

ABOUT THE AUTHOR

...view details