নিউজ ডেস্ক, 18 আগষ্টঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান 2ৱে ছেপ্তেম্বৰ মাহত নিৰ্দিষ্ট স্থানত অৱতৰণ কৰিব ৷ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্ৰকাশ কৰা অনুসৰি, ছেপ্তেম্বৰ মাহৰ 7 তাৰিখে চন্দ্ৰপৃষ্ঠৰ ছাউথ প'লাৰত অৱতৰণ কৰিব চন্দ্ৰযান দ্বিতীয় ৷
ETV Bharat / science-and-technology
প্ৰথমবাৰলৈ চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত অৱতৰণ কৰিব চন্দ্ৰযান 2 - ইছৰো
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান 2ৱে ছেপ্তেম্বৰ মাহত নিৰ্দিষ্ট স্থানত অৱতৰণ কৰিব ৷চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত
ভাৰতৰ স্বদেশীয় চন্দ্ৰযান মিছনৰ অংশস্বৰূপে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান দ্বিতীয়ই প্ৰথমবাৰৰ বাবে চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত অৱতৰণ কৰিব ৷ ইয়াৰ পূৰ্বেই কোনো দেশেই চন্দ্ৰপৃষ্ঠৰ দক্ষিণাংশত উপস্থিত হ'বলৈ সক্ষম হোৱা নাই ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আৰু চীনৰ পিচতেই ভাৰতেই হ'ব বিশ্বৰ চতুৰ্থখন দেশ যিয়ে চন্দ্ৰপৃষ্ঠত মিহি অৱতৰণ কৰিবলৈ সক্ষম হ'ব ৷
বুধবাৰে চন্দ্ৰযান দ্বিতীয়ই লুনাৰ ট্ৰানছফাৰ ট্ৰেজেক্টৰিত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে ৷ চন্দ্ৰৰ কক্ষপথত প্ৰৱেশৰ বাবে আগষ্টৰ 20 তাৰিখত চন্দ্ৰযান দ্বিতীয়ৰ লিকুইড ইঞ্জিনক ফায়াৰ কৰা হ'ব বুলি প্ৰকাশ কৰিছে ইছৰোৱে ৷