নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: আত্মহত্যা কৰিবলৈ যোৱা এজন ছাত্ৰৰ জীৱন ৰক্ষা কৰিলে ফেচবুকে ! লক্ষ্ণৌৰ এগৰাকী NEET (National Eligibility cum Entrance Test) আকাংক্ষীয়ে, ছ’চিয়েল মিডিয়া চাইট ফেচবুকত জীৱন হেৰুৱাৰ বিষয়ে এটা পোষ্ট দিয়াৰ পিছত স্থানীয় আৰক্ষীৰ সহায়ত ফেচবুক এলাৰ্টে নীট আকাংক্ষীৰ জীৱন ৰক্ষা কৰে।
তথ্য অনুসৰি ফেচবুকে লক্ষ্ণৌৰ ডি জি পি মুখ্য কাৰ্যালয়ৰ ছ’চিয়েল মিডিয়া চেণ্টাৰলৈ এছ অ’ এছ (Save Our Souls) প্ৰেৰণ কৰি নীটৰ এজন প্ৰাৰ্থীয়ে বিষপান কৰি আত্নহত্যাৰ কথা উল্লেখ কৰিছে ।
তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ততাতৈয়াকৈ সেই স্থানত উপস্থিত হৈ সংশ্লিষ্ট পৰীক্ষাৰ্থীসকলৰ জীৱন ৰক্ষা কৰে । এনে এক অবিশ্বাস্য ঘটনা সম্ভৱ হৈছে উত্তৰ প্ৰদেশ আৰক্ষী আৰু এটা ছ’চিয়েল নেটৱৰ্কিং চাইটৰ মাজত হোৱা এক চুক্তিয়ে বাস্তৱ সময়ৰ সতৰ্কবাণী আৰু আত্মহত্যাৰ গোচৰৰ তদন্তৰ বাবে ব্যৱস্থা গ্ৰহণৰ জৰিয়তে বহুমূলীয়া জীৱন ৰক্ষাৰ বাবে ।
চুক্তি অনুসৰি আত্মহত্যা কৰাৰ উদ্দেশ্যে ছ’চিয়েল মিডিয়াত যিকোনো ব্যক্তিয়ে পোষ্ট কৰিলে নিজ নিজ ছাইটে আৰক্ষী কণ্ট্ৰ’ল ৰুমক সতৰ্ক কৰি দিব যাতে তেওঁ তাৎক্ষণিকভাৱে সহায় লাভ কৰিব পাৰে । আইন-শৃংখলা বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান প্ৰশান্ত কুমাৰে কয় যে, এই তথ্য তৎক্ষণাত লক্ষ্ণৌ আৰক্ষী আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে আৰু তেওঁলোকক এনে গোচৰত কাম কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।
আত্মহত্যাৰ সৈতে জড়িত ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱা পোষ্টবোৰত তৎকালীনভাৱে সঁহাৰি জনোৱাৰ লগতে এনে বাৰ্তা প্ৰেৰণ কৰা সকলৰ জীৱন ৰক্ষা কৰিবলৈ আমি সকলো আৰক্ষী কৰ্মীক নিৰ্দেশ দিছো । তেওঁ কয় যে ফেচবুকে আমাৰ সৈতে অংশীদাৰিত্ব কৰিছে যাতে আমি এই সন্দৰ্ভত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিব পাৰো ।