অসম

assam

ETV Bharat / science-and-technology

iPhone: আপোনাৰ iPhoneটো আচল নে নকল কেনেকৈ পৰীক্ষা কৰিব

শেহতীয়াকৈ নয়ডা আৰক্ষীয়ে সস্তা দামত ভুৱা আইফোন ১৩ বিক্ৰী কৰা এটা গেঙক আটক কৰিছে । যদি আপুনিও শেহতীয়াকৈ নতুন আইফোন কিনিছে বা কিনিবলৈ ওলাইছে, তেন্তে ইয়াক এবাৰ পৰীক্ষা কৰক । আজি আমি আপোনালোকক ক'ম যে, আইফোনটো আচল নে নকল কেনেকৈ জানিব পাৰিব ৷

By

Published : Dec 5, 2022, 5:36 PM IST

Duplicate iPhone selling gang busted find out if your phone is real or fake
আপোনাৰ iPhoneটো আচল নে নকল কেনেকৈ পৰীক্ষা কৰিব

শেহতীয়াকৈ নয়ডা আৰক্ষীয়ে সস্তা দামত ভুৱা আইফোন ১৩ বিক্ৰী কৰা এটা গেঙক আটক কৰিছে । যদি আপুনিও শেহতীয়াকৈ নতুন আইফোন কিনিছে বা কিনিবলৈ ওলাইছে, তেন্তে ইয়াক এবাৰ পৰীক্ষা কৰক । আজি আমি আপোনালোকক ক'ম যে, আইফোনটো আচল নে নকল কেনেকৈ জানিব পাৰিব ৷

আইএমইআই নম্বৰ পৰীক্ষা কৰক:শেহতীয়াকৈ নয়ডা আৰক্ষীয়ে ভুৱা আইফোন বিক্ৰী কৰা এটা গেঙক গ্ৰেপ্তাৰ কৰিছে । এই দুষ্ট চক্ৰয়ে আগতে সস্তা মূল্যত নকল আইফোন ১৩ বিক্ৰী কৰি মানুহক প্ৰতাৰণা কৰিছিল ।

আপোনাৰ iPhoneটো আচল নে নকল কেনেকৈ পৰীক্ষা কৰিব

তেওঁলোকৰ পৰা উদ্ধাৰ হৈছে ৬০টা ভুৱা আইফোন । আৰক্ষীয়ে জনোৱা মতে, এই গেংবোৰে দিল্লীৰ পৰা ১২ হাজাৰ টকাত সস্তীয়া ফোন ক্ৰয় কৰি চীনৰ পৰা আমদানি কৰা আইফোনৰ অৰিজিনেল বাকচত ভৰাই বিক্ৰী কৰিছিল । আচল আইফোন চিনাক্ত কৰাৰ আটাইতকৈ সহজ উপায় হ’ল IMEI নম্বৰ । ইয়াৰ জৰিয়তে আপুনি চিনাক্ত কৰিব পাৰিব যে আইফোনটো বাস্তৱিক নে ভুৱা ।

IMEI নম্বৰ ক’ৰ পৰা পাব:আইফোনৰ IMEI নম্বৰ বহু ঠাইত চাব পাৰিব । আইফোনৰ অৰিজিনেল পেকেজিং আৰু বক্সতো এই নম্বৰটো পাব । বাৰক’ডত ছিৰিয়েল নম্বৰ আৰু IMEI/MEID নম্বৰো পৰীক্ষা কৰিব পাৰে । মনত ৰাখিব যে, বক্স বা পেকেজিঙৰ IMEI নম্বৰ আপোনাৰ আইফোনৰ ছেটিংছত দিয়া IMEI নম্বৰৰ সৈতে মিলিব লাগে ।

ছেটিংত IMEI নম্বৰ কেনেকৈ চেক কৰিব:ছেটিংত IMEI নম্বৰ চেক কৰিবলৈ আইফোনৰ ছেটিংলৈ যাওক । তাৰ পিছত General টেপ কৰক আৰু About ক্লিক কৰক । IMEI নম্বৰটো চাবলৈ অলপ তললৈ স্ক্ৰল কৰিব লাগিব । যদি ইয়াত কোনো IMEI নম্বৰ বা ছিৰিয়েল নম্বৰ দেখুওৱা হোৱা নাই, তেন্তে আপোনাৰ আইফোনটো নকল হোৱাৰ সম্ভাৱনা অতি বেছি ।

আপোনাৰ iPhoneটো আচল নে নকল কেনেকৈ পৰীক্ষা কৰিব

এপলৰ ৱেবছাইটত কভাৰেজ পৰীক্ষা কৰক: আইফোনৰ ম্যাদ জানিবলৈ আপুনি এপলৰ "Check Coverage" ৱেবছাইট চাব পাৰে । এই ৱেবছাইটৰ পৰা আইফোনৰ ৱাৰেণ্টীৰ ম্যাদ উকলি যোৱাৰ তাৰিখ জানিব পৰা যায় । ইয়াত আইফোনৰ ছিৰিয়েল নম্বৰ দিব লাগিব । যদি ফোনটো জেনুইন হয় তেন্তে আপুনি জানিব যে আপোনাৰ আইফোনত কিমান ৱাৰেণ্টী বাকী আছে ।

ওচৰৰ এপল ষ্ট’ৰলৈ যাওক: যদি আপুনি এতিয়াও সন্তুষ্ট নহয়, তেন্তে আপুনি ওচৰৰ এপল ষ্ট’ৰলৈ গৈ আইফোনৰ বিশুদ্ধতা পৰীক্ষা কৰিব পাৰে । এপল ষ্ট’ৰত উপস্থিত থকা কাৰ্যবাহীজনে আইফোনটো ভালদৰে পৰীক্ষা কৰি আপোনাৰ ডিভাইচৰ originality ক’ব । ইয়াৰ উপৰিও প্ৰকৃত আইফোন ক্ৰয় কৰাৰ আটাইতকৈ উত্তম উপায় হ’ল এপলৰ অনুমোদিত ডিলাৰৰ পৰা নতুন আইফোন কিনা ।

লগতে পঢ়ক:Apple plans to shift production: এপলে চীনৰ পৰা স্থানান্তৰ কৰিব বিচাৰিছে উৎপাদন কাৰ্য

ABOUT THE AUTHOR

...view details