নিউজ ডেস্ক, 11 অক্টোবৰ:ভাৰতত BoAtয়ে মুকলি কৰিছে boAtৰ নতুন boAt Wave Ultima স্মাৰ্টৱাচ । Boatৰ এই নতুন স্মাৰ্টৱাচটো boAt Wave Ultima Maxৰ এটা upgrade version বুলি উল্লেখ কৰা হৈছে । boAt Wave Ultimaত এটা ডাঙৰ, crack resistant ডিছপ্লে দিয়া হৈছে । boAt Wave Ultimaত আছে ১.৮ ইঞ্চিৰ ডিছপ্লে, যিটো HD ৰিজ’লিউচনৰ সৈতে আহে(Boat new smartwatch) ।
স্মাৰ্টৱাচত ১০০ৰো অধিক স্প’ৰ্টছ মোড দিয়া হৈছে
boAt Wave Ultima স্মাৰ্টৱাচত আছে এক ডাঙৰ লঘু ওজনৰ এলুমিনিয়াম এলয় স্কোৱাৰ ডায়েল(large lightweight aluminum alloy square dial)। boAtৰ স্মাৰ্টৱাচত থকা IP68য়ে ধূলি আৰু পানীৰ পৰাও ৰক্ষা কৰিব । যদি আমি ফিটনেছ ফিচাৰৰ কথা কওঁ, তেন্তে boAt Wave Ultimaত হাৰ্ট ৰেট মনিটৰ, SpO2 চেন্সৰ, স্লিপ মনিটৰ আৰু ষ্ট্ৰেছ ট্ৰেকাৰ দিয়া হৈছে । boAt Wave Ultima স্মাৰ্টৱাচত ১০০ৰো অধিক স্প’ৰ্টছ মোড আছে । স্মাৰ্টৱাচত এম্বিয়েণ্ট চাউণ্ড ডিটেকচন ফিচাৰো প্ৰদান কৰা হৈছে ।