অসম

assam

ETV Bharat / lifestyle

পুৰুষৰ যৌন হৰ্মন সম্পৰ্কে কিছু জানিবলগীয়া কথা.. - সুন্দৰভাৱে নিয়ন্ত্ৰণ

পুৰুষৰ যৌন হৰ্মন টেষ্টোষ্টেৰণ টেষ্টিচত উৎপাদিত এনে এটি ষ্টেৰইড হৰ্মন যি কেৱল যৌন ক্ৰিয়াই নহয়, ইয়াৰ বাহিৰেও শৰীৰত বহুত কেইটা কাৰ্য সম্পন্ন কৰে । আমাৰ এণ্ড্ৰ'লজিষ্টৰ বিশেষজ্ঞ ডা: ৰাহুল ৰেড্ডীয়ে পুৰুষৰ যৌন হৰ্মন টেষ্টোষ্টেৰণ সম্পৰ্কে দিলে জানিব লগা বহুখিনি নতুন তথ্য ।

Everything about the Male sex hormone, Testosterone
পুৰুষৰ যৌন হৰ্মন সম্পৰ্কে কিছু জানিব লগীয়া কথা

By

Published : Aug 2, 2020, 1:37 AM IST

নিউজ ডেস্ক, 2 আগষ্ট: পুৰুষৰ যৌন হৰ্মন টেষ্টোষ্টেৰণ টেষ্টিচত উৎপাদিত ষ্টেৰইড হৰ্মনবিধে পেশীৰ শ্ৰীবৃদ্ধিৰ লগতে হাড়ৰ শক্তিও বৃদ্ধি কৰে । তাৰোপৰি পুৰুষৰ চুলিৰ বৃদ্ধিৰ লগতে দাড়ি, মুচ তথা বুকুৰ নোমৰ বিকাশতো সহায় কৰে । এই হৰ্মনে পুৰুষ সকলৰ কণ্ঠ নিৰোপনতো বিশেষভাৱে সহায় কৰে । পুৰুষৰ চুলি কম থকা সময়তো তাক বচাবৰ বাবে হৰ্মনবিধে লয় সক্ৰিয় ভূমিকা ।

ৰক্ত কণিকা গঠনৰ ক্ষেত্ৰতো এই বিধ হৰ্মনৰ ভূমিকা অপৰিসীম । শৰীৰত এই হৰ্মনৰ পৰিমাণ কম হ'লে পুৰুষৰ দেহত কেনে পৰিৱৰ্তন ঘটে সেয়াও তলত উল্লেখ কৰা হ'ল ।

পুৰুষৰ যৌন হৰ্মন টেষ্টোষ্টেৰণ মুলতে এবিধ যৌন হৰ্মন যদিও শুক্ৰাণুৰ গণনা আৰু উৰ্বৰতা নিৰ্ধাৰক হিচাবেও ইয়াক জনা যায় । ই যৌন গ্ৰন্থিসমূহ আৰু যৌনাংগক অধিক উত্তেজিত কৰে । যৌন হৰ্মন টেষ্টোষ্টেৰণে পুৰুষৰ জ্ঞান দক্ষতাৰ ক্ষেত্ৰতো লয় এক গুৰুত্বপূৰ্ণ ভূমিকা ।

শৰীৰত যেতিয়া টেষ্টোষ্টেৰণৰ পৰিমান স্বাভাবিক মাত্ৰাত থাকে তেতিয়া পুৰুষজনৰ অনুভূতিত ই বিশেষ প্ৰভাৱ পেলায় । আনহাতে টেষ্টোষ্টেৰণৰ পৰিমান স্বাভাবিক মাত্ৰাতকৈ কম থাকিলে পুৰুষৰ বাবে বিষাদ আৰু চিন্তাৰ কাৰণ হ'ব পাৰে ।

তাৰোপৰি দেহ মনৰ সুস্থতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰতো এই হৰ্মন সমানেই দায়বদ্ধ । টেষ্টোষ্টেৰণ হৰ্মনে যিকোনো কামত মনোযোগ আৰু মনটোৰ ব্যৱহাৰকো সুন্দৰভাৱে নিয়ন্ত্ৰণ কৰে ।

সাধাৰণতে এজন পুৰুষৰ দেহত টেষ্টোষ্টেৰণ হৰ্মনৰ পৰিমানৰ স্তৰ ২.৮-৮এনজি/ডিএল থকাতো উচিত । এজন ১৮ বছৰীয়া যুৱকৰ দেহত থাকিব লগা টেষ্টোষ্টেৰণ হৰ্মনৰ পৰিমানৰ স্তৰ ৭-৮ এনজি/ডিএল । ৬০ বছৰীয়া এজন বৰ্ষীয়ান ব্যক্তিৰ দেহত ২.৮এনজি/ডিএল থকাতো উচিত । সেইধৰণে ২৫ৰ পৰা ৪৫বছৰৰ মাজৰ ব্যক্তি এজনৰ দেহত ৪.৬এনজি/ডিএল থকাতো উচিত ।

টেষ্টোষ্টেৰণ হৰ্মনে চিন্তাশক্তিকো উন্নত কৰে । এই বিধ হৰ্মনৰ পৰিমানৰ স্তৰ কম থকা সকলে যিকোনো কথা সোনকালে পাহৰি যায় আৰু এয়া সাধাৰণতে বৃদ্ধ সকলৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় ।

যেতিয়া পুৰুষ সকলৰ দেহত এইবিধ হৰ্মনৰ স্তৰ কমি আহে তেতিয়াই চুলিৰ বৃদ্ধি কমি আহে । মাংস পেশীবোৰ এসপ্তাহলৈকেহে থাকে আৰু লগতে হতাশা বা দুখে আৱৰি ধৰে । লগতে যৌন শক্তি কমি যোৱাৰ ওপৰিও মাংসপেশীবোৰৰ শক্তিও কমি আহে ।

অধিক টেষ্টোষ্টেৰণ হৰ্মন থকা সকলৰ মাজত অধিক আক্ৰামক আৰু অস্বাভাবিক যৌন আগ্ৰহ দেখিবলৈ পোৱা যায় । সেই বাবেই বিভিন্ন সময়ত আমি মহিলা তথা শিশুৰ ওপৰত যৌন নিৰ্যাতৰ দৰে অপৰাধৰ কথা শুনিবলৈ পাওঁ ।

এই হৰ্মনৰ স্তৰ কমাৰ বিভিন্ন কাৰণ দেখিবলৈ পোৱা যায় । বিশেষকৈ সুৰাপান আৰু গতিহীন জীৱনশৈলী ইয়াৰ এক বিশেষ কাৰণ । তাৰোপৰি ভিটামিন-D ৰ অভাৱ আৰু কম টুপনিও ইয়াৰ আন এটা কাৰণ । এক সুস্থ যৌন জীৱন বৰ্তাই ৰাখিবৰ বাবে এই হৰ্মনৰ স্তৰ যথাযথ থকাতো নিত্যন্তই আৱশ্যক ।

লগতে চাওক-শতকৰ পাৰ ৰাজ্যত ক’ভিডত মৃত্যু হোৱা লোকৰ সংখ্যা

ABOUT THE AUTHOR

...view details