নিউজ ডেস্ক, 2 মে' : ভাইৰাছৰ ফলত সৃষ্টি হোৱা COVID-19 সম্পৰ্কে সকলো অৱগত ৷ কিন্তু, সকলো সংক্ৰমণ ভাইৰাছৰ ফলত নহয়, কিছুসংখ্যক সংক্ৰমণ বেক্টেৰিয়াৰ ফলতো হয় ৷ সেয়েহে বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণৰ মাজত প্ৰাৰ্থক্য কি জানো আহক -
য়শোদা হাস্পতাল, হাইদৰাবাদৰ ফিজিছিয়ান এম. ভি. ৰাওয়ে জানিবলৈ দিয়া অনুসৰি, বেক্টেৰিয়াসমূহ স্বাধীন আৰু ভাইৰাছসমূহ পৰ-নিৰ্ভৰশীল ৷ ভাইৰাছসমূহে মানুহ, পশু আৰু গছ-গছনিক আক্ৰমণ কৰে ৷ বেক্টেৰিয়াৰ তুলনাত ভাইৰাছসমূহ বহু সৰু ৷ কোনো জীৱকোষৰ সংস্পৰ্শলৈ আহিলে এই ভাইৰাছ জীৱিত হৈ উঠে ৷ আনহাতে, বেক্টেৰিয়াসমূহ কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া হয় আৰু সকলো বেক্টেৰিয়াই সংক্ৰমণ নকৰে ৷