দুৰ্গ,7 ডিচেম্বৰঃছত্তিশগড়ত দুৰ্গ জিলাৰ এটা বিবাহ অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ বাবে মুম্বাইৰ পৰা আমন্ত্ৰণ কৰি অনা এগৰাকী নৃত্যশিল্পীৰ লগত দলবদ্ধ ধৰ্ষণৰ ঘটনা সংঘটিত হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি, উক্ত দলবদ্ধ ধৰ্ষণৰ ঘটনাটো 4 ডিচেম্বৰৰ নিশা আহিৱাৰা পথৰ নিকটৱৰ্তী কুমহাৰী চহৰত সংঘটিত হয় ৷
ধৰ্ষণকাণ্ডত জড়িত থকাৰ অভিযোগত কমলেশ আৰু ৰাজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ৷ ইফালে চনু কুমাৰ নামৰ লোকজনৰ বিৰুদ্ধে ধৰ্ষণকাণ্ডৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছে বুলি স্থানীয় আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
কমলেশ আৰু ৰাজ নামৰ অভিযুক্ত দুটাক বৃহস্পতিবাৰে আৰক্ষীয়ে আটক কৰে ৷
ধৰ্ষিতা মহিলাগৰাকীৰ অভিযোগ অনুসৰি, কুমাৰ নামৰ লোকজনৰ আমন্ত্ৰণমৰ্মে এক বিবাহ অভ্যৰ্থনা অনুষ্ঠানত নৃত্য প্ৰদৰ্শনৰ বাবে যোৱা 28 নৱেম্বৰত দুৰ্গ জিলাৰ ভিলাইত উপস্থিত হৈছিলহি তেওঁ ৷
আৰক্ষীয়ে প্ৰকাশ কৰা তথ্যনুসৰি, 3 ডিচেম্বৰত অনুষ্ঠান সমাপ্তিৰ পিছত শিল্পীগৰাকী 4 ডিচেম্বৰত মুম্বাইলৈ যোৱাৰ কথা আছিল ৷