অসম

assam

ETV Bharat / jagte-raho

‘হোৱাটছ এপ’ ব্যৱহাৰকাৰীসকললৈ বিশেষ জাননী - whatsapp hackers

অতি শীঘ্ৰেই আপুনি ব্যৱহাৰ কৰা হোৱাটছ এপটো আপগ্ৰেড নকৰিলে আপুনি হ’ব পাৰে ‘স্পাইৱেৰ’ৰ চিকাৰ ৷ আপুনি নজনাকৈয়েই এতিয়া আপোনাৰ হোৱাটছ এপৰ জৰিয়তে দুৰ্বৃত্তই কাঢ়ি নিব পাৰে আপোনাৰ গুৰুত্বপূৰ্ণ তথা গোপন তথ্য-পাতি ৷ হয়তো আপোনাৰ অজ্ঞাতেই আপোনাৰ ফোনটো ব্যৱহৃত হৈ আছে কোনো দুৰ্বৃত্তৰ গুপ্তচৰ হিচাপে ৷ সেয়ে অতি সোনকালে আপুনি ব্যৱহাৰ কৰি থকা হোৱাটছ এপটো আপগ্ৰেড কৰিবলৈ জাননী প্ৰেৰণ কৰিছে স্বয়ং হোৱাটছ এপ কৰ্তৃপক্ষই ৷

etv bharat

By

Published : May 15, 2019, 4:53 AM IST

নিউজডেস্ক, 15 মে’: বিশ্বত সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰা মেছেজিং এপ ‘হোৱাটছ এপ’লৈ আহি পৰিছে ভাবুকি ৷ লগতে ভাবুকি আহি পৰিছে হোৱাটছ এপ ব্যৱহাৰ কৰা বিশ্বৰ প্ৰায় 150 কোটি ব্যৱহাৰকাৰীলৈ ৷ হোৱাটছ এপৰ কলিঙেৰে হেকাৰছে ব্যৱহাৰকাৰীৰ অজ্ঞাতেই ফোনত ইন্ষ্টল কৰি আছে স্পাইৱেৰৰ ৷ স্পাইৱেৰৰ জৰিয়তে হেকাৰছে অতি সহজে গোটাব পাৰে ব্যৱহাৰকাৰীৰ গোপনীয় তথ্য পাতি ৷ কেৱল এইয়াই নহয়, ব্যৱহাৰকাৰীয়ে গম নোপোৱাকৈয়ে স্পাইৱেৰে নিয়ন্ত্ৰন কৰিব পাৰে ফোন কেমেৰা আৰু মাইক্ৰ’ফোন ৷

তথ্য অনুসৰি, ইজৰাইলৰ এনএচঅ’ নামৰ এটা গ্ৰুপে উলিয়াইছে এই স্পাইৱেৰটো, যিটো হোৱাটছ এপৰ ফোন ক’লৰ জৰিয়তে ব্যৱহাৰকাৰীৰ ফোনত ইন্ষ্টল হৈ পৰে৷ হোৱাটছ এপ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি যোৱা মাহতেই এই বিষয়ে অনুমান কৰিছিল হোৱাটছ এপে ৷ আৰু শেহতীয়াকৈ এই সমস্যা সমাধানো কৰিলে হোৱাটছ এপে ৷ আৰু এই স্পাইৱেৰৰ চিকাৰৰ পৰা বাছিবৰ বাবে ব্যৱহাৰকাৰী সকলক অতি শীঘ্ৰে নতুনকৈ আপগ্ৰেড কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে এপটোৰ কৰ্তৃপক্ষই ৷

বিশ্বত সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰা মেছেজিং এপ ‘হোৱাটছ এপ’লৈ আহি পৰিছে ভাবুকি

কি এই এনএছঅ’ গ্ৰুপ ?

ইজৰাইলৰ এই এনএছঅ’ গ্ৰুপটোৱে ইজৰাইল চৰকাৰৰ বাবে কাম কৰে ৷ হোৱাটছ এপ গ্ৰুপে প্ৰকাশ কৰা অনুসৰি এইটো এটা ব্যক্তিগত কোম্পানী যি চৰকাৰৰ হৈ কাম কৰে ৷ অৱশ্যে, কোম্পানীটোৰ বিৰুদ্ধে আৰোপ কৰা এই অভিযোগক এতিয়াও মানি লোৱা নাই এনএছঅ’ৰ কৰ্তৃপক্ষই ৷


শেহতীয়াকৈ সংঘটিত হেকাৰছৰ এনে কাৰ্যকালাপৰ বাবে বৰ্তমান ফেচবুকৰ অধীনৰ হোৱাটছ এপৰ নিৰাপত্তালৈ যথেষ্ট ভাবুকি আহি পৰিছে ৷ ব্যৱহাৰকাৰীসকলৰ মনলৈ বাৰে বাৰে এই প্ৰশ্ন আহিছে যে, নিৰাপত্তাৰ ক্ষেত্ৰত দুৰ্বল হৈ পৰিছে নেকি দৈনন্দিন ব্যৱহৃত হোৱাটছ এপ ? নিজৰ অজ্ঞাতেই যদি আপুনি ব্যৱহাৰ কৰি থকা ফোনটো আনৰ গুপ্তচৰ হৈ পৰে কিমান সুৰক্ষিত আপুনি ?

ABOUT THE AUTHOR

...view details