অসম

assam

By

Published : Aug 14, 2020, 2:29 AM IST

ETV Bharat / jagte-raho

গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

এক গোপন সূত্ৰৰ পম খেদি ক্ৰাইম ব্ৰাঞ্চ আৰু পানবজাৰ আৰক্ষীয়ে চলাইছিল এই অভিযান । ইফালে আটকাধীন দুয়োৱে মহানগৰীৰ বিভিন্ন স্থানত মাৰাত্মক ড্ৰাগছ যোগান ধৰে বুলি স্বীকাৰ কৰিছে । সম্প্ৰতি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া ।

গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ
গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

গুৱাহাটী, 14 আগষ্ট : নিষিদ্ধ ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে গুৱাহাটী মহানগৰী । পুনৰ মহানগৰীত জব্দ হয় বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী ।

ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা, মতিউৰ ৰহমান আৰু খলিলুৰ ৰহমান

বৃহস্পতিবাৰে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখা আৰু পানবজাৰ আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলায় । এই অভিযানত লাখটকীয়াৰ ডাইনেষ্টিক হোটেলৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে । ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম মতিউৰ ৰহমান আৰু খলিলুৰ ৰহমান বুলি জানিব পৰা গৈছে ।

দুয়োৰে পৰা ২লাখ ৫১হাজাৰ নগধ ধন,২২ গ্ৰাম ড্ৰাগছ,এখন চাৰিচকীয়া বাহন আৰু কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ।

গুৱাহাটীত বুজন পৰিমাণৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

এক গোপন সূত্ৰৰ পম খেদি ক্ৰাইম ব্ৰাঞ্চ আৰু পানবজাৰ আৰক্ষীয়ে চলাইছিল এই অভিযান । ইফালে আটকাধীন দুয়োৱে মহানগৰীৰ বিভিন্ন স্থানত মাৰাত্মক ড্ৰাগছ যোগান ধৰে বুলি স্বীকাৰ কৰিছে । সম্প্ৰতি আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি আগবঢ়াইছে ঘটনাৰ তদন্ত প্ৰক্ৰিয়া । যুৱ প্ৰজন্মক কোঙা কৰা ড্ৰাগছৰ বেহাত আৰু কোন কোন জড়িত আছে তাৰ সন্ধানত নামি পৰিছে আৰক্ষী তথা অপৰাধ অনুসন্ধান শাখা ।

লগতে পঢ়ক :মালিগাঁৱত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা, ৩ টা ঘৰ ভস্মীভূত

ABOUT THE AUTHOR

...view details