ধুবুৰী, 9 আগষ্টঃদক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত দেওবাৰে পুৱাৰ ভাগত হুৱা-দুৱাৰ সৃষ্টি হয় ৷ হাটশিঙিমাৰীৰ কালাপানী গাঁৱৰ বাসিন্দা আব্দুল মোন্নফ শেখৰ কন্যা,বিডিএছ চিকিৎসক ময়িশিনা বেগমে (মুনমুন) ডিঙিত চিপজৰীলৈ ৰহস্যজনকভাৱে আত্মহত্যা কৰা ঘটনাই জিলাখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
জানিব পৰা মতে,আব্দুল মোন্নফ সেখৰ জীয়েক তথা বিডিএছ চিকিৎসক ময়িশিনা বেগমে বেতবাৰী গাঁৱৰ বাসিন্দা আবুল হোছেইন মোল্লাৰ পুতেক ইছমাইল হোছেইন মোল্লা নামৰ বিডিএছ চিকিৎসকজনৰ সৈতে 9 মাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল ৷
বিয়াৰ পিছত স্বামী গৃহত ভৰি দিছিল মুনমুনে ৷ স্বামী-স্ত্ৰী দুয়ো চিকিৎসকে ব্যক্তিগতভাৱে চেম্বাৰ খুলি চিকিৎসা প্ৰদান কৰি আছিল আৰু বিয়াৰ পিছত দুয়োজনে একেলগে হাটশিঙিমাৰীত নিজ বাসভৱনত বসবাস কৰি আছিল ৷ কিন্তু দেওবাৰে ৰহস্যজনকভাৱে মহিলা চিকিৎসকগৰাকীৰ মৃতদেহ ডিঙিত চিপজৰীলৈ থকা অৱস্থাত ঘৰৰ ভিতৰত উদ্ধাৰ হয় ৷ এই আত্মহত্যাৰ ঘটনাই ব্যাপক ৰহস্যৰ সৃষ্টি কৰিছে । ইপিনে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ জিলা ন্যায়াধীশ আৰু খাৰুৱাবানদা আৰক্ষীৰ দলে আহি ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি খাৰুৱাবানদা আৰক্ষী চকী লৈ নিয়াৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ৷
এই সন্দৰ্ভত মহিলাচিকিৎসক জনীৰ দেউতাকে সাংবাদিকৰ আগত কয় যে এইটো পৰিকল্পিত হত্যাকাণ্ড ৷ গতিকে তেওঁ এই ঘটনাৰ তদন্ত কৰি দোষীক শাস্তিৰ দাবী জনায় দুৰ্ভগীয়া পিতৃয়ে ৷ মৰনোত্তৰ পৰীক্ষাৰ পিছতহে আচল ঘটনাৰ ৰহস্য ওলাই পৰিব ৷
চিপজৰীলৈ আত্মহত্যা বিবাহিত চিকিৎসক মহিলাৰ লগতে পঢ়কঃআইআইটি গুৱাহাটীৰ উদ্যোগত বান সাহাৰ্য বিতৰণ