অসম

assam

By

Published : May 20, 2019, 12:16 PM IST

ETV Bharat / jagte-raho

ধুবুৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ

ভূমি বিবাদক কেন্দ্ৰ কৰি মহেজ আলীৰ পৰিয়ালৰ ওপৰত আক্ৰমণ দুৰ্বৃত্তৰ ৷ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল ভুক্তভোগীৰ

ধুবুৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ

ধুবুৰী, 20 মে': দেওবাৰে নিশা ধুবুৰীৰ ভাৰত বাংলা সীমান্তৰ কলাপাকানীৰ খেৰেৰ চৰ গাঁৱত দুই ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় । ভূমি বিবাদক কেন্দ্ৰ কৰি মহেজ আলীৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলাই প্ৰতিবেশী কলিম উদ্দিনৰ পুত্ৰ আখতাৰ হোছেন, আব্দুল কাদেৰ, আব্দুৰ ৰচিদকে ধৰি মুঠ দহ জনীয়া এটা দলে ৷ লাঠী, ৰ'ড আৰু চোকা অস্ত্ৰলৈ ঘৰৰ ভিতৰতে আক্ৰমণ চলাই। এই আক্ৰমণত মহেজ আলীৰ উপৰিও পত্নী সাহেৰা বিবি,পুত্ৰ বাহাৰুল ইছলাম,আফ্ৰুজা আহমেদ,জোঁৱাই নুৰ হোছেনকে ধৰি মহিলাসহ ছয়জনকৈ লোক আহত হয় ।

ধুবুৰীত ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ মাজত সংঘৰ্ষ

ইতিমধ্যে আটাইকেইজন লোককে সংকটজনক অৱস্থাত ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ঘটনা সন্দৰ্ভত এ এম কোঃ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হয় যদিও এতিয়ালৈকে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উঠিছে। উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা গাঁওখনৰ কলিম উদ্দিন আৰু মহেজ আলীৰ মাজত মাটিৰ বিবাদ চলি আহিছিল। উক্ত মাটিত বেৰ দিয়াক কেন্দ্ৰ কৰিয়ে কাজিয়াৰ সূত্ৰপাত হয় বুলি এজাহাৰত উল্লেখ কৰিছে ভুক্তভোগী পৰিয়ালে ৷

আৰু পঢ়কঃ সাধাৰণ নিৰ্বাচনঃ দেশত জব্দ কোটি কোটি টকা

ABOUT THE AUTHOR

...view details