অসম

assam

By

Published : Sep 20, 2020, 12:48 PM IST

ETV Bharat / jagte-raho

গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজৰ ভয়ংকৰ ছবি

আৰক্ষীৰ জিম্মাত নিৰপৰাধী ব্যক্তিৰ মৃত্যু কোনো নতুন ঘটনা নহয় ৷ আমাৰ দেশত প্ৰতিদিনে 15 টা এনেকুৱা ঘটনা সংঘটিত হয় আৰু ইয়াৰ ভিতৰত 9গৰাকীয়ে মৃত্যুক সাৱতি লয় ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে প্ৰকাশ কৰা অনুসৰি, এনেকুৱা অধিকাংশ ঘটনাই পোহৰলৈ নাহে ৷ এইক্ষেত্ৰত আৰক্ষী ব্যৱস্থাৰ সংস্কাৰৰ ব্যাপক প্ৰয়োজন আছে ৷ আইনৰ শাসন বলৱৎ কৰা বিশ্বৰ 126 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 68 সংখ্যক ৷ এক আঠ-দফীয়া নীতিৰ আধাৰত ভাৰতে আইন-শৃংখলা নিৰ্ধাৰণৰ ক্ষেত্ৰত 111 স্থানত আছে ৷

গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজৰ ভয়ংকৰ ছবি
গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজৰ ভয়ংকৰ ছবি

গোৱালপাৰা 20 ছেপ্টেম্বৰ : আমি এখন এনেকুৱা দেশ য'ত দুই মিলিয়ন আৰক্ষী বাহিনীয়ে দেশৰ অন্তৱৰ্তী সুৰক্ষাৰ দায়িত্ব পালন কৰে ৷ স্বাধীনতাৰ পিচত ৰাইজৰ নিৰাপত্তাই আৰক্ষীৰ প্ৰাথমিক কৰ্তব্য হৈ পৰে ৷ বিভিন্ন সময়ত ৰাষ্ট্ৰীয় আৰক্ষী আয়োগে আৰক্ষী বাহিনীক ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰি তাৰ প্ৰতি উত্তৰদায়ী হ'বলৈ নিৰ্দেশনা প্ৰদান কৰি আহিছে আৰু আইনৰ শাসনত বলৱৎ কৰি সমাজত ইয়াক পৰিচালনা কৰাটোত গুৰুত্ব দিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে ৷ অৱশ্যে বহু সময়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে আৰক্ষী ব্যৱস্থা নিয়ন্ত্ৰিত অপৰাধীৰ দল হৈ পৰা বুলি প্ৰকাশ কৰিছে ৷ কিন্তু ইমানৰ পিচতো তেওঁলোকৰ ব্যৱহাৰ বেয়াৰ পৰা অতি বেয়ালৈ ঢাল খাইছে আৰু উদ্ভাৱনী অত্যাচাৰৰ দ্বাৰা অমায়িক, নিৰপৰাধী লোকৰ জীৱন লৈ আহিছে ৷ শেহতীয়াকৈ গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাত তেনে এক ঘটনাই সংঘটিত হৈছে ৷

গোৱালপাৰা জিলা বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ছাবিৰ আহমেদে নিৰীহৰ ওপৰত বৰ্বৰভাৱে শাৰীৰিক অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপন হৈছে । জানিব পৰা মতে, গোৱালপাৰা জিলাৰ বগুৱান আৰক্ষী থানাৰ অন্তৰ্গত ধুমবান্ধা গাঁৱৰ আব্দুৰ ৰহমানৰ পুত্ৰ নুৰল ইছলাম (20)ক সোণৰ গহনা চুৰিৰ অভিযোগত যোৱা 14 ছেপ্তেম্বৰত সোধ-পোচৰ বাবে আটক কৰি থানালৈ আনিছিল । থানাৰ ভিতৰতে অভিযুক্ত যুৱকগৰাকীক আৰক্ষী বিষয়াজনে দুদিন ধৰি আৱদ্ধ কৰি ৰখাৰ লগতে পাশৱিকভাৱে শাৰীৰিক অত্যাচাৰ চলায় ।

আৰক্ষীৰ নৃশংসতাৰ প্ৰমাণ প্ৰহাৰৰ চিন

কবিৰাজৰ মন্তব্যত বিশ্বাস কৰা অন্ধবিশ্বাসী আৰক্ষী বিষয়াৰ এই কাণ্ডৰ পিচতে অৱশেষত অভিযুক্ত যুৱকগৰাকী অচেতন হৈ পৰে । অভিযুক্ত যুৱকগৰাকী অচেতন হৈ পৰাত আৰক্ষী বিষয়াজনে চিকিৎসাৰ ব্যৱস্থা নকৰি ফোনৰে পৰিয়ালৰ লোকক থানালৈ মাতি আনে আৰু অভিযুক্ত যুৱকগৰাকীক চমজাই দিয়ে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে । নুৰল ইছলামক পৰিয়ালৰ লোকে ৰাইজৰ সহযোগত গোৱালপাৰা অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে ভৰ্তি কৰায় যদিও ৰোগীৰ অৱস্থা সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে । বগুৱান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনৰ এনে বৰ্বৰ কাণ্ডৰ বিৰুদ্ধে স্থানীয় লোকে জাঙুৰ খাই উঠাৰ লগতে বিষয়াজনৰ বিৰুদ্ধে আইনৰ কাষ চপাৰ সিদ্ধান্তৰ কথা জনালেপৰিয়ালৰ লোকে

আৰক্ষী বিষয়া ছাবিৰ আহমেদৰ অত্যাচাৰৰ বলি হোৱা নুৰল ইছলাম

উল্লেখ্য যে, আমাৰ দেশত আৰক্ষীৰ জিম্মাত সংঘটিত হোৱা বৰ্বৰ অত্যাচাৰৰ ঘটনা কোনো নতুন নহয় ৷ বিগত জুলাই মাহত তামিলনাডুৰ থুথুকুডিত সংঘটিত হৈছিল আৰক্ষীৰ নৃশংসতাৰ এক কাণ্ড ৷ জয়ৰাজ(60) নামৰ ব্যক্তিগৰাকীয়ে লকডাউনৰ নিয়ম উলংঘা কৰি 7:30 বজাৰ পিচতো তেওঁৰ দোকানখন খোলা ৰখাৰ বাবে 19 জুনত আৰক্ষীৰ আক্ৰমণৰ বলি হয় ৷ তেওঁক চাট্টানুকুলাম আৰক্ষী চকীলৈ লৈ যোৱা হয়, য'ত তেওঁক ৰখা হৈছিল ৷ সেই সময়তে তেওঁৰ পুত্ৰ ফনিক্সে আৰক্ষী চকীত উপস্থিত হৈ তেওঁৰ পিতৃক মুকলি কৰি দিবলৈ যুক্তি তৰ্কত লিপ্ত হয় আৰু ইয়াৰ বাবে তেওঁকো আৰক্ষীয়ে আটক কৰে ৷ 22 জুনত জয়ৰাজে বুকুত বিষ অনুভৱ কৰে আৰু তেওঁক কোভিলপাটি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ কিন্তু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷

আৰক্ষীৰ অত্যাচাৰৰ বলি নিৰীহ যুৱক

কোভিলপাটি ন্যায়িক দণ্ডাধীশ এমএছ ভাৰথীদাচানে দাখিল কৰা প্ৰতিবেদন অনুসৰি, আৰক্ষী চকীখনত থকা চিচিটিভি কেমেৰাসমূহ অটো ডিলিট পৰ্যায়ত ৰাখি ইয়াৰ সকলো ৰেকৰ্ডিং প্ৰতিদিনৰ অন্তত ডিলিট কৰি দিয়া হৈছিল ৷ তেজেৰে লুতুৰি-পুতুৰি হৈ নপৰালৈকে তেওঁলোকক অত্যাচাৰ কৰা হৈছিল আৰু আৰক্ষী চকীৰ ফাৰ্নিচাৰ আৰু অন্যান্য আচবাবত তেজৰ চেকুৰা লাগি ধৰিছিল ৷ নিৰপৰাধীক অপৰাধীৰ হাতৰ পৰা ৰক্ষা কৰিবলৈ প্ৰদান কৰা আৰক্ষীৰ ক্ষমতাক দুৰ্ভগীয়া আৰু সহায়বিহীন জনতাৰ বিৰুদ্ধে একেবাৰে ভুলকৈ ব্যৱহাৰ কৰা হৈছিল ৷ আৰক্ষী চকীত মৌলিক অধিকাৰৰ কোনো অৰ্থ নাই ৷ স্বাধীনতাৰ সত্তৰ বৰ্ষ পিচতো ভাৰতৰ গণতন্ত্ৰৰ প্ৰতি এই নৃংশসতা এক ভাবুকি হিচাপে পৰিগণিত হৈছে ৷

অফ্ৰো-আমেৰিকান জৰ্জ ফ্লয়েডৰ আটকৰ সময়ত তেওঁৰ ওপৰত প্ৰয়োগ কৰা অত্যাধিক বলৰ ফলত আৰক্ষীৰ হাতত প্ৰাণ গৈছিল তেওঁৰ ৷ আৰক্ষীৰ নৃংশসতাৰ বিৰুদ্ধে আমেৰিকাকে ধৰি অন্যান্য দেশসমূহত ব্যাপক জন-প্ৰতিবাদ সাব্যস্ত হৈছিল ৷ এতিয়া তাৰ চৰকাৰে উপযুক্ত আৰক্ষী সংস্কাৰ সাধনৰ ওপৰত কাম কৰিছে ৷ মিনেয়াপলিছৰ প্ৰশাসনে চহৰখনৰ পৰা আৰক্ষী বিভাগ আঁতৰাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইউক্ৰেইন আৰু জৰ্জিয়াই আওপুৰনি আৰক্ষী নীতিসমূহ বৰ্তমানৰ নিয়মৰ সৈতে সলনি কৰিছে ৷ ভাৰতত শতিকা ধৰি, আৰক্ষী সংস্কাৰৰ প্ৰস্তাৱ উত্থাপন হৈ আহিছে যদিও ইয়াক কাগজতে ৰাখি নৈতিক-সংস্কাৰপূৰ্ণ নীতিক উপহাস কৰা হৈছে ৷ আইনৰ শাসন বলৱৎ কৰা বিশ্বৰ 126 খন দেশৰ ভিতৰত ভাৰতৰ স্থান 68 সংখ্যক ৷

দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে বাৰে বাৰে এইটো স্পষ্ট কৰি দিছে যে, দেশৰ সংবিধান সকলোৰে উৰ্ধত ৷ কিন্তু ভাৰতত 2005ৰ পৰা 2015 লৈ অপৰাধৰ মাত্ৰা 28 শতাংশ বৃদ্ধি পাইছে, য'ত অপৰাধীৰ সৈতে মোকাবিলা কৰা আৰু শাস্তি প্ৰদান কৰাত কোনো উন্নয়ন হোৱা নাই ৷ যেতিয়া আৰক্ষীয়ে ক্ষমতাত থকা লোকসকলৰ বাবে যিকোনো কাম সংঘটিত কৰে, আমি কিদৰে নৈতিক সততা, ৰাইজৰ সুৰক্ষা আশা কৰিব পাৰো ? আৰক্ষীৰ ওপৰত পৰা প্ৰভাৱ আৰু হেঁচাই শতিকা ধৰি চলি অহা গণতান্ত্ৰিক ভেটিটো জোকাৰি দিয়াক আমি কান বন্ধ কৰি আওকান কৰিব নোৱাৰো ৷ সাংবিধানিক মুল্যবোধক যেতিয়ালৈকে অনিয়ন্ত্ৰিত আমোলাতন্ত্ৰৰ হাতত উপহাস কৰা হ'ব তেতিয়ালৈকে আৰক্ষীয়ে নিজৰ জিম্মাত অপৰাধ কৰিব, অন্ধ কুঠৰীত নিৰপৰাধীৰ মৃত্যু ঘটিয়ে থাকিব, তেওঁলোকৰ ওপৰত অত্যাচাৰ চলিয়ে থাকিব ৷

দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে দেশত এক নতুন আৰক্ষী বাহিনীৰ কথা কৈছিল যিয়ে পেশাদাৰী, উৎসৰ্গিত, প্ৰত্যাহ্বান গ্ৰহণ কৰাৰ শক্তি, উন্নত প্ৰশিক্ষণ আদিৰ দ্বাৰা পৰিচালিত হ'ব ৷ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এক স্মাৰ্ট আৰক্ষী বাহিনীৰ ওপৰত অধিক জোৰ প্ৰদান কৰিছে ৷ অসামৰিক স্বাধীনতা কিদৰে পৃষ্ঠগত সংস্কাৰৰ দ্বাৰা সংৰক্ষিত হ'ব যেতিয়ালৈকে আৰক্ষী ব্যৱস্থাত পেশাগত স্বাধীনতা আৰু দায়িত্ববোধ থাকিব ? যেতিয়ালৈকে আৰক্ষী ব্যৱস্থাটো শৃংখলা আৰু সংবিধানৰ প্ৰতি সন্মান থাকিব, আইনৰ শাসনৰ দ্বাৰা কাৰ্যক্ষম, আৰু ৰাইজৰ সেৱা প্ৰাথমিক দায়িত্ব হিচাপে লৈ ইচ্ছাগত ভাৱেই নিজক উৎসৰ্গিত কৰিব, তেতিয়া আমাৰ দেশ নিৰাপদে সুখেৰে চলিব ৷

ABOUT THE AUTHOR

...view details