অসম

assam

By

Published : Jun 2, 2020, 8:59 PM IST

ETV Bharat / jagte-raho

ডিফুত আৰক্ষীৰ জালত অস্ত্ৰসহ তিনি দুৰ্ধৰ্ষ গঁড় চিকাৰী

সেনা- আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত তিনি দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ ধৃত গঁড় চিকাৰী কেইটা বহু গঁড় হত্যাৰ লগত জড়িত আছিল ৷

ETV BHARAT
ডিফুত আৰক্ষীৰ জালত অস্ত্ৰসহ তিনি দুৰ্ধৰ্ষ গঁড় চিকাৰী

ডিফু, 2 জুনঃ ডিফুত আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত তিনি দুৰ্ধৰ্ষ গঁড় চিকাৰী আটক ৷ ধৃত চিকাৰী কেইটাৰ পৰা একে চিৰিজৰ ৰাইফল,গ্ৰেণেড সহ বৃহৎ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷

উল্লেখ্য যে, যোৱা ২৮ মে'ত ধনশিৰিৰ এক ভিতৰুৱা এলেকাত বনকৰ্মীৰ এটা দলৰ সৈতে গঁড় চিকাৰীৰ এটা দলৰ মুখামুখি সংঘৰ্ষ হৈছিল ৷ উক্ত ঘটনাত এটা গঁড় চিকাৰীৰ থিতাতে নিহত হোৱাৰ বিপৰীতে দলটোৰ আনকেইটা সদস্য পলাই যাবলৈ সক্ষম হৈছিল ৷

উক্ত ঘটনাটোৰ পিছৰে পৰা কাৰ্বি আংলং জিলা আৰক্ষীয়ে দুৰ্ধৰ্ষ গঁড় চিকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰে ৷ আৰক্ষীয়ে এক গোপন সুত্ৰৰ পমখেদি বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত পাট্ৰাদিছাৰ পৰা অভিযান চলাই গঁড়ৰ খড়্গ চুৰি চক্ৰৰ লগত জড়িত দুৰ্ধৰ্ষ সদস্য বিকি থাপাক আটক কৰে ৷ বিক্কি থাপা নগাওঁ জিলাৰ জখলাবন্ধা থানা এলেকাৰ চামগুঠি চাহ বাগানৰ বুলি জানিব পৰা গৈছে ৷

বিক্কি থাপাৰ স্বীকাৰোক্তিৰ ভিত্তিত ডিফু আৰু ধনশিৰিত অভিযান চলাই আৰক্ষীয়ে মণিপুৰৰ লামকা চুড়চান্দপুৰৰ ডেভিড চিয়া ওৰফে চামবৈ আৰু নগাওঁ জিলাৰ চালনা নপানীৰ চিমন লাক্ৰা নামৰ দুটা গঁড় চিকাৰী আটক কৰিবলৈ সক্ষম হয় ৷ তিনিওটা দুৰ্ধৰ্ষ গঁড় চিকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত বুজন পৰিমানৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আঞ্জুক পানী থানাৰ থেকেৰাজানত অভিযান চলাই এটা AK 81, দুটা AK56, এটা DBBL, এটা গ্ৰেনেদ, 400 জাঁই সজীৱ গুলি, 6 মেগাজিন 12 বৰৰ গুলি আৰু বহুতো আপত্তিজনক সামগ্ৰী জব্দ কৰে ৷

ডিফুত আৰক্ষীৰ জালত অস্ত্ৰসহ তিনি দুৰ্ধৰ্ষ গঁড় চিকাৰী

কাজিৰঙাত অলপতে সংঘটিত হোৱা গঁড় হত্যা গোচৰত জড়িত বুলি আৰক্ষীৰ জেৰাত অপৰাধী কেইটাই স্বীকাৰ কৰিছে ৷ এই সন্দৰ্ভত বোকাখাত থানাত ১৩১/২০২০ নম্বৰত এক গোচৰো ৰুজু হৈ আছে ৷ আনহাতে গঁড় চিকাৰী চক্ৰটোৰ আন তিনিটা দুৰ্ধৰ্ষ সদস্য তিনিটা এতিয়াও পলাতক অৱস্থাত আছে ৷ পলাতক দূৰ্ধৰ্ষ গঁড় চিকাৰী কেইটা ক্ৰমে, জনথাং ওৰফে থাংবই, মুৱামুৱান পাইটে ওৰফে অভাৰচাইজ আৰু এনগাকুকি ওৰফে লুনুন বুলি চিনাক্ত কৰা হৈছে ৷ এই আটাইকেইটা গঁড় চিকাৰী মণিপুৰৰ চূৰচান্দপুৰৰ বুলি নিশ্চিত কৰা হৈছে ৷ ইতিমধ্যে পলাতক চিকাৰীকেইটাৰ সন্ধানত আৰক্ষীয়ে তীব্ৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ আনহাতে, অলপতে ধনশিৰিত নিহত হোৱা গঁড চিকাৰীটো মাং ওৰফে মাংবই পাইটে বুলি চিনাক্ত কৰা হৈছে ৷

লগতে পঢ়ক-প্ৰমাণিত হ'ল প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ কেলেংকাৰী

ABOUT THE AUTHOR

...view details