গুৱাহাটী, 16 এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে মহানগৰীত পুনৰ উদ্ধাৰ হ’ল নগদ আঠ লাখ টকা ৷ মঙলবাৰে গুৱাহাটীৰ ভৰলু আৰক্ষী আৰু ফ্লাইং স্কোৱাডৰ অভিযানত উদ্ধাৰ এই বৃহৎ পৰিমাণৰ ধন ৷ আঠগাঁও উৰণীয়া সেঁতুৰ তলত অভিযানকাৰী দলটোৱে অভিযান চলাই প্ৰবীণ জৈন নামৰ লোকজনৰ পৰা জব্দ কৰে ধনখিনি ৷
মহানগৰীত ফ্লায়িং স্কোৱাডৰ হাতত জব্দ বৃহৎ পৰিমাণৰ ধন
আঠগাঁও উৰণীয়া সেঁতুৰ তলত অভিযান চলাই ফ্লায়িং স্কোৱাড আৰু ভৰলু আৰক্ষীয়ে জব্দ কৰে আঠ লাখকৈ টকা ৷ প্ৰবীণ জৈন নামৰ লোকজনৰ পৰা উদ্ধাৰ এই সন্দেহজনক টকাখিনি ৷
etv bharat
উপযুক্ত নথি পত্ৰ দেখুৱাবলৈ সক্ষম নোহোৱাত নিৰ্বাচনৰ সময়ত ভোটাৰৰ মাজত বিতৰণৰ বাবে টকাখিনি অনাৰ সন্দেহ অভিযানকাৰী দলটোৰ ৷ সম্প্ৰতি এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষী বিষয়াই ৷