অসম

assam

হাজাৰীবাগত সতীৰ্থৰ হাতত নিহত মাওবাদী নেতা

By

Published : Apr 14, 2020, 12:46 PM IST

হাজাৰীবাগৰ আৰক্ষী অধীক্ষক ময়ুৰ পেটেলে প্ৰকাশ কৰা অনুসৰি, নিহত মাওবাদী নেতাগৰাকী অনগো আৰক্ষী চকীৰ অন্তৰ্গত ইদলা হাৰলি গাঁঁৱৰ জিতন মাঞ্জি বুলি জানিব পৰা গৈছে ৷

হাজাৰীবাগত সতীৰ্থৰ হাতত নিহত মাওবাদী নেতা
হাজাৰীবাগত সতীৰ্থৰ হাতত নিহত মাওবাদী নেতা

নিউজ ডেস্ক, 14 এপ্ৰিলঃঝাৰখণ্ডৰ হাজাৰীবাগত সতীৰ্থৰ গুলীত নিহত হয় এগৰাকী মাওবাদী নেতা ৷ হাজাৰীবাগ জিলাৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিছে ৷

হাজাৰীবাগৰ আৰক্ষী অধীক্ষক ময়ুৰ পেটেলে প্ৰকাশ কৰা অনুসৰি, নিহত মাওবাদী নেতাগৰাকী অনগো আৰক্ষী চকীৰ অন্তৰ্গত ইদলা হাৰলি গাঁঁৱৰ জিতন মাঞ্জি বুলি জানিব পৰা গৈছে ৷ আৰক্ষী চকীৰ পৰা 40 কিলোমিটাৰ দুৰত্বৰ এক জংঘলত মাঞ্জিৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে ৷ চিপিআই (মাওবাদী) গোটৰ দুৰ্ধৰ্ষ নেতা আছিল জিতন মাঞ্জি ৷ মাঞ্জিৰ বিৰুদ্ধে ঝাৰখণ্ডৰ বিভিন্ন আৰক্ষী চকীত ডজনৰো অধিক গোচৰ ৰুজু হৈ আছিল ৷ সতীৰ্থ বিদ্ৰোহী নেতা মিথিলেশ সিং ওৰফে দুৰ্যোধন মাহাতোৱে মাঞ্জিক হত্যা কৰে ৷

দেওবাৰে মাওবাদী নেতাজনক আন দুগৰাকী ব্যক্তিৰ সৈতে মিথিলেশৰ দলটোৱে অপহৰণ কৰি লৈ গৈছিল ৷ অপহৰণৰ পিচতে আন দুগৰাকীক মুকলি কৰি দিয়া হয় যদিও মাঞ্জিক গুলীয়াই নিহত কৰে মাহাতোৰ বাহিনীয়ে ৷

ABOUT THE AUTHOR

...view details