- হত্যাকাৰী বায়ুসেনাৰ প্ৰাক্তন বিষয়াক যাৱদজীৱন কাৰাদণ্ড ৷
- বৃহস্পতিবাৰে, মঙলদৈৰ চেচন ন্যায়ধীশ পিপি বৰাৰ আদালতে ঘোষনা কৰিলে এই ৰায়দান ৷
- বিষয়াগৰাকীৰ নাম টংকেশ্বৰ শৰ্মা
- 2011 চনৰ 14 অক্টোবৰত অনুজ্ঞাপত্ৰ প্ৰাপ্ত পিস্তলেৰে গুলীয়াই হত্যা কৰিছিল নিজ খুড়াকক ৷
- লগতে, গুলীয়াই আহত কৰিছিল ভতিজাক সতীশ শৰ্মাকো ৷
- সীমামূৰীয়া মাটিৰ গমাৰী গছক কেন্দ্ৰ কৰিয়েই আৰম্ভ হৈছিল কাজিয়াৰ সূত্ৰপাত ৷
- নিহত লোকজন ৰঙামাটি সৰুঠেকেৰাবাৰী গাঁৱৰ পঞ্চানন শৰ্মা ৷
- নিজৰ অনুজ্ঞাপত্ৰ প্ৰাপ্ত পিস্তলেৰে টংকেশ্বৰ শৰ্মা গুলীয়াই হত্যা কৰিছিল খুড়াক পঞ্চানন শৰ্মাক ৷
- হত্যাকাৰী টংকেশ্বৰ শৰ্মাক যাৱদজীৱন কাৰাদণ্ডৰ লগতে, সোতৰ হাজাৰ টকাৰ জৰিমনাৰ শাস্তি বিহে আদালতে ৷
বায়ুসেনাৰ প্ৰাক্তন বিষয়াক মঙলদৈ আদালতৰ যাৱজ্জীৱন কাৰাদণ্ড - বায়ুসেনাৰ প্ৰাক্তন বিষয়া
এজোপা গমাৰী গছৰ বাবে খুড়াকক হত্যা কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি ভুগিলে বায়ুসেনাৰ প্ৰাক্তন বিষয়া টংকেশ্বৰ শৰ্মাই ৷
etv bharat