নগাঁও, 2 জুনঃবিগত দিনবোৰত নগাঁও জিলাস্থিত লাওখোৱা অভয়াৰণ্যত চলিছিল অবৈধ বেদখল ৷ এহাজাৰৰো অধিক বিঘা মাটি বেদখল কৰি অবৈধ বেদখলকাৰীয়ে বনাই লৈছিল বৃহৎ বৃহৎ পুখুৰীকে ধৰি ম'হৰ খুঁটি ৷ অৱশেষত বনাঞ্চলিক বিষয়া ৰঞ্জিত ৰামৰ নিৰ্দেশত মঙলবাৰে অভয়াৰণ্য়খনৰ দন্দুৱা, কঠালগুটি আৰু ৰৌমাৰী অঞ্চলত প্ৰশাসনে চলালে উচ্ছেদ অভিযান ৷
লাওখোৱা অভয়াৰণ্যত বন বিভাগৰ বৃহৎ উচ্ছেদ অভিযান
দীৰ্ঘদিন ধৰি লাওখোৱা অভয়াৰণ্য়ত হৈ থকা অবৈধ বেদখলৰ বিৰুদ্ধে নগাঁও বন বিভাগে চলালে উচ্ছেদ অভিযান ৷ বনাঞ্চলিক বিষয়া ৰঞ্জিত ৰামৰ নিৰ্দেশত অভয়াৰণ্যখনৰ দন্দুৱা, কঠালগুটি আৰু ৰৌমাৰীত চলোৱা হয় এই অভিযান ৷
হাতী আৰু জেচিবিৰে লাওখোৱা অভয়াৰণ্যত উচ্ছেদ অভিযান চলায় বন বিভাগে ৷ বৃহৎসংখ্যক বনৰক্ষীয়ে হাতীৰ লগতে জেচিবিৰ সহায়ত প্ৰায় হাজাৰ বিঘাৰ পুখুৰীৰ পাৰ কটাৰ লগতে দুটাকৈ ম'হৰ খুটি উচ্ছেদ কৰে ৷ কোনো ধৰণৰ আগতীয়া জাননী নিদিয়াকৈ চলোৱা হৈছিল এই উচ্ছেদ অভিয়ান ৷ লাওখোৱা অভয়াৰণ্যৰ সুৰক্ষাৰ দাযিত্বত থকা স্থানীয় একাংশ অৰ্থলিপ্সু বন কৰ্মীৰ ৰহস্যজনক ভূমিকাৰ সুযোগ গ্ৰহন কৰি লাওখোৱা অভয়াৰণ্যত একাংশ লোকে পুখুৰী বনাই মাছৰ ৰমৰমীয়া ব্যৱসায় চলাই আছিল ৷ বন বিভাগে চলোৱা এনে অভিযানক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমীসকলে ৷