তিনিচুকীয়া, 30জুলাইঃ বৰ্তমানেও সন্ধান নাই মাৰ্ঘেৰিটাৰ সমাজকৰ্মী অপহৃত প্ৰসন্ন তুৰঙ আৰু তেওঁৰ পত্নীৰ ! ২০০৭ চনত হঠাৎ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ সমাজকৰ্মী প্ৰসন্ন তুৰঙৰ লগতে তেওঁৰ পত্নীকো কোনো অজ্ঞাত দুৰ্বৃত্তই অপহৰণ কৰিছিল। ইয়াৰ পিছতেই বিষয়টো ২০০৭ চনৰ ১০ এপ্ৰিলত স্থানীয় মাৰ্ঘেৰিটা আৰক্ষী থানাত ৰুজু কৰা হৈছিল এক গোচৰ। একেদৰেই সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ সময়ছোৱাত এই ঘটনাই সমগ্ৰ অসমত তীব্ৰ জোকাৰণি তোলাত জিলা আৰক্ষীৰ ফালৰ পৰাও নিজাববীয়াকৈ ৰুজু কৰা হৈছিল এটা গোচৰ। কিন্তু আৰক্ষীয়ে গোচৰৰ তদন্ত কৰিও অপহৃত প্ৰসন্ন তুৰঙ আৰু পত্নীক উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল ৷
সমাজ কৰ্মী প্ৰসন্ন তুৰং অপহৰণ কাণ্ডৰ চৰ্চা বিধানসভাত - Assembly
বৰ্তমানেও সন্ধান নাই মাৰ্ঘেৰিটাৰ অপহৃত সমাজকৰ্মী প্ৰসন্ন তুৰঙ আৰু তেওঁৰ পত্নীৰ ৷ CBIৰ তদন্তইও সন্ধান উলিয়াব নোৱাৰিলে অপহৃত পতি-পত্নীৰ ৷ যাক লৈ অসম বিধানসভাত চলিছে সৰব চৰ্চা ৷
পৰৱৰ্তী সময়ত সমগ্ৰ বিষয়টো CBI য়ে নিজৰ হাতলৈ স্থানান্তৰিত কৰি তদন্ত আৰম্ভ কৰিছিল । কিন্তু ৰহস্যজনক ভাৱে অপহৰণ কাণ্ডৰ তদন্ত অপহৃতক উদ্ধাৰ নকৰাকৈয়ে CBI য়েও বন্ধ কৰিছিল। যাৰ বাবে এতিয়া সমগ্ৰ বিষয়টো অসম বিধানসভাৰ অধিবেশনৰ মজিয়াত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ ২৯ জুলাইৰ চলিত বিধানসভাৰ অধিবেশনত বিধায়ক ডাঃ নোমল মমিনে বিধান সভাৰ অধ্যক্ষৰ জৰিয়তে অপহৃত প্ৰসন্ন তুৰঙৰ বিষয়টো পুনৰ তদন্ত আৰম্ভ কৰাৰ দাবী তুলিছে ৷ যি কি নহওক বিধায়ক নোমল মমিনৰ দাবীক ৰাজ্য চৰকাৰে কেনেদৰে গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব ৷