অসম

assam

ইফটিকাৰ আহমেদ হত্যাকাণ্ডৰ ঘটনাঃ দুজনক আটক আৰক্ষীৰ

By

Published : Aug 18, 2020, 6:52 PM IST

বৰপথাৰৰ ব্যৱসায়ী মঃ ইফটিকাৰৰ হত্যাকাণ্ডত জড়িত দুজন অভিযুক্তক নুমলীগড়ৰ মুৰফুলনীত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । ইফালে উদ্ধাৰ হৈছে ইফটিকাৰৰ ম'বাইল আৰু বাইক।

Iftikar Ahmed Murdered Incident Two Person Arrested By Police At Golaghat
ইফটিকাৰ আহমেদৰ ঘটনাঃ দুজনক আটক আৰক্ষীৰ

গোলাঘাট, 18 আগষ্টঃগোলাঘাট জিলাৰ বৰপথাৰৰ যুৱ ব্যৱসায়ী ইফটিকাৰ আহমেদৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ আহিছে । ইতিমধ্যে যুৱক জনৰ হত্যাকাণ্ডত জড়িত দুজনক নুমলীগড়ত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । তাৰোপৰি আৰক্ষীয়ে উদ্ধাৰ কৰিছে ইফটিকাৰৰ ম'বাইল আৰু বাইক।

ইফটিকাৰ আহমেদৰ ঘটনাঃ দুজনক আটক আৰক্ষীৰ

গোলাঘাট জিলাৰ বৰপথাৰৰ ব্যৱসায়ী মঃ ইফটিকাৰক ১৩ আগষ্টত দুৰ্বৃত্তই অপহৰণ কৰি হত্যা কৰিছিল । ইতিমধ্যে যুৱকজনক হত্যাকাণ্ডত জড়িত দুজন অভিযুক্তক নুমলীগড়ৰ মুৰফুলনীত আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে । গোলাঘাটৰ মুৰফুলনী অঞ্চলত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হোৱা এখন বাইকৰ পম খেদি বগীজান আৰক্ষীয়ে নুমলীগড়ৰ কাষৰীয়া ১নং কৌৱানীৰ পৰা আটক কৰে দুজন অভিযুক্তক ৷ ধৃত লোক দুজন সঞ্জয় কেৰ্কেটা আৰু আৰবেল কেৰ্কেটা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, ইফটিকাৰৰ অপহৰণ আৰু হত্যাৰ লগত জড়িত থকাৰ অভিযোগত বগীজান আৰক্ষীয়ে আটক কৰি ধৃত লোক দুজনক বৰপথাৰ আৰক্ষীক চমজাই দিয়ে । ইফালে আৰক্ষীয়ে ইফটিকাৰ আহমেদে ব্যৱহাৰ কৰা বাইক আৰু ম'বাইল ধৃত সঞ্জয়ৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে অধিক তথ্যৰ বাবে আৰক্ষীয়ে আৰম্ভ কৰিছে তীব্ৰ অভিযান ৷

লগতে পঢ়ক- গোলাঘাটত আৰক্ষীৰ জালত চাৰিটাকৈ গভাইত চোৰ

ABOUT THE AUTHOR

...view details