হোজাই, 20 জুলাইঃ হোজাই জিলাৰ লংকাৰ আৰক্ষী জালত চাৰি গাড়ী চোৰ | ডিমাপুৰত বলেৰে' পিকআপ গাড়ী বিক্ৰী কৰি গাড়ী চুৰি হোৱাৰ নাটক কৰি আৰক্ষীৰ হাতত আটক গাড়ীখনৰ স্বত্বাধিকাৰী চোলেমান আলী(নগাঁও),ৰিজু খান(জুৰিয়া),জিয়াবুৰ ৰহমান(ধিং) আৰু কুটুবুদ্দিন(ধিং) | জানিব পৰা মতে, শুকুৰবাৰে নিশা হোজাইৰ লামডিং অসংৰক্ষিত বনাঞ্চলৰ মাজত অচিনাক্ত দুৰ্বৃত্তই বলেৰে' পিক আপ ভান AS 02 BC 1960 নম্বৰৰ গাড়ীখন লামডিং অভিমুখে গৈ থকা অৱস্থাত চুৰি কৰি লৈ যায় বুলি লংকাৰ উদালী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল গাড়ীৰ স্বত্বাধিকাৰ চুলেমান আলীয়ে |
অতিবুদ্ধিয়েই কাল হ'ল নগাঁৱৰ চোলেমান আলীৰ - হোজাই জিলা
ডিমাপুৰত বলেৰ' পিকআপ গাড়ী বিক্ৰী কৰি লামডিং অসংৰক্ষিত বনাঞ্চলত গাড়ী চোৰ হোৱাৰ নাটক কৰি আৰক্ষীৰ জালত চাৰি অভিযুক্ত ৷
পিছত উক্ত ঘটনা সন্দৰ্ভত জিলা উপ আৰক্ষী অধীক্ষক , উদালী আৰু লংকা আৰক্ষীয়ে তদন্ত চলাই গাড়ীৰ হেন্দিমেন আৰু চালকক জেৰা কৰাত পোহৰলৈ আহে অন্য এক ঘটনা | উল্লেখ্য যে গাড়ীৰ স্বতাধিকাৰী চুলেমান আলীয়ে ফাইনেন্স কোম্পানীক গাড়ীৰ চাৰিটাকৈ কিস্তি পৰিশোধ কৰিৱ নোৱাৰাত ফাইনেন্স কোম্পানীৰ পৰা ধন আত্মসাতৰ লালসাত উক্ত গাড়ীখন ১৬ জুলাই তাৰিখে ডিমাপুৰত বিক্ৰী কৰি গাড়ী অপহৰণ হৈছে বুলি নাটক কৰিছিল | পিছত লংকা আৰক্ষীৰ অনুসন্ধানত সমগ্ৰ ঘটনা পোহৰলৈ অহাত গাড়ীৰ স্বতাধিকাৰীসহ উক্ত চাৰি ধৃত চুৰি চক্ৰৰ সদস্যক আটক কৰি হোজাই জিলা প্ৰশাসনে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে | বৰ্তমান লামডিং আৰক্ষীৰ জিম্মাত আছে গাড়ী চুৰি চক্ৰৰ সদস্য ৷
লগতে পঢ়কঃ জাগীৰোডত বজ্ৰপাতঃ 1 জনৰ মৃত্যু, 5 জন আহত