অসম

assam

ETV Bharat / jagte-raho

হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন - মৰনোত্তৰ প্ৰতিবেদন

উত্তৰ প্ৰদেশৰ হাথৰছত সংঘটিত ভয়ংকৰ ঘটনাৰ বলি হোৱা যুৱতীগৰাকীৰ সৈতে সংঘটিত হোৱা নাছিল কোনো ধৰ্ষণৰ ঘটনা ৷ যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই তথ্য ৷

হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন
হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীৰ সৈতে হোৱা নাছিল ধৰ্ষণ : মৰনোত্তৰ প্ৰতিবেদন

By

Published : Oct 1, 2020, 2:26 PM IST

নিউজ ডেস্ক, 1 অক্টোবৰ :হাথৰছ ঘটনাৰ বলি হোৱা যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে উদ্বেগজনক তথ্য ৷ সেই অনুসৰি, 19 বৰ্ষীয়া যুৱতীগৰাকীৰ সৈতে সংঘটিত হোৱা নাছিল কোনো অপকৰ্ম ৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰকাশ কৰিছে এই তথ্য ৷

হাথৰাছৰ আৰক্ষী অধীক্ষক বিক্ৰান্ত বীৰে মৰনোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশৰ সময়ত যুৱতীগৰাকীৰ সৈতে কোনো ধৰ্ষণৰ ঘটনা সংঘটিত হোৱা নাছিল বুলি প্ৰকাশ কৰিছে ৷ যাৰ বাবে এতিয়া যুৱতীগৰাকীৰ ফৰেনচিক প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে আৰক্ষীয়ে ৷

লগতে পঢ়ক :হাথৰস গণধৰ্ষণঃ পিতৃক ঘৰত আবদ্ধ কৰি ৰাখি নিশাই পীড়িতাৰ মৃতদেহ সৎকাৰ আৰক্ষীৰ

29 ছেপ্টেম্বৰত দিল্লীৰ চাফদৰজুং চিকিৎসালয়ত আৰক্ষীৰ উপস্থিতিত যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছিল ৷ দুসপ্তাহ পূৰ্বে যুৱতীগৰাকীৰ সৈতে হাথৰাছ জিলাৰ এখন গাঁৱত সংঘটিত হৈছিল ভয়াৱহ ঘটনা ৷ যুৱতীগৰাকীৰ মৰনোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিচত অন্তিম সংস্কাৰৰ বাবেও পৰিয়ালক অনুমতি প্ৰদান কৰা নাছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷

লগতে পঢ়ক :জয়পুৰত কিশোৰীক দলবদ্ধ ধৰ্ষণ ; আৰক্ষীৰ জালত ৩ অভিযুক্ত

ABOUT THE AUTHOR

...view details