গুৱাহাটী, 29 এপ্ৰিলঃ ৰ'জ বাৰ্ড বিদ্যালয়ৰ পৰিচালন সঞ্চালক ইমতিয়াজুৰ ৰহমান হাজৰিকা নামৰ লোকজনৰ বিৰুদ্ধে নিজৰ ভাগিনীয়েকক যৌন নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । পঢ়ুৱাবলৈ বুলি নিজৰ ঘৰতে ৰাখি কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতনৰ চেষ্টা চলায় মোমায়েক ৰহমান হাজৰিকাই । এই সমগ্ৰ ঘটনাৰ বিষয়ে কিশোৰীগৰাকীয়ে নিজ মুখে অৱগত কৰে পৰিয়ালক ।
মহানগৰীত মোমায়েকৰ কামনাৰ বলি হ’ল নাবালিকা - ইমতিয়াজুৰ ৰহমান হাজৰিকা
মহানগৰীৰ মাছখোৱাত লজ্জাজনক ঘটনা । মোমায়েকৰ কামনাৰ বলি এগৰাকী ১৫ বছৰীয়া কিশোৰী ৷
মহানগৰীত লম্পট মোমায়েকৰ কামনাৰ বলি নাবালিকা
আৰু পঢ়কঃ বৈষ্ণৱ ছাত্ৰৰ চুলি কটা ঘটনাৰ তিনিদিন অতিক্ৰম কৰাৰ পাচতো মাৰ যোৱা নাই চাঞ্চল্য
ইতিমধ্যেই, পৰিয়ালৰ লোকে ভৰুলুমুখ আৰক্ষী থানাত লম্পট মোমায়েকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে । এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে POCSO ACT ৰ অধীনত এটা গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে ইমতিয়াজুৰ ৰহমান হাজৰিকাক । ইফালে, এই ঘটনাক এক ষড়যন্ত্ৰৰ আখ্যা দিছে ধৃত ইমতিয়াজুৰে ।