নিউজ ডেস্ক, ২৩ এপ্ৰিলঃ লকডাউনৰ নীতি প্ৰয়োগ কৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত নিৰ্বিচাৰ শিলাবৰ্ষণেৰে আক্ৰমণ সংঘটিত কৰে ৰাইজে । আহমেদাবাদৰ চৰ্দাৰনগৰত সংঘটিত হৈছে ঘটনা । গুজৰাটৰ আহমেদাবাদ আৰক্ষীৰ এটি দলৰ ওপৰত কৰা এই আক্ৰমণৰ ফলত বহুকেইগৰাকী আৰক্ষীৰ লোক হতাহত হয় ।
চৰ্দাৰনগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এম বি বাৰাডে এই কথা প্ৰকাশ কৰিছে । তেওঁ প্ৰকাশ কৰা অনুসৰি, এটা মন্দিৰৰ ওচৰত কোনো কাৰণবশত এইদৰে প্ৰায় ২০ গৰাকী লোক একত্ৰিত হোৱাৰ খবৰ লাভ কৰে আৰক্ষীয়ে । আৰক্ষীৰ দলটোৱে লোকসকলক সামাজিক দুৰত্ব বৰ্তাই ৰাখি নিজ নিজ বাসগৃহলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে । কিন্তু তেওঁলোকে ঘৰলৈ যোৱাৰ পৰিৱৰ্তে আৰক্ষীৰ দলটোৰ ওপৰত ওলোটাই শিলাবৰ্ষণ কৰিবলৈ লয় । যাৰ ফলত জ্যেষ্ঠ পৰিদৰ্শক হেমন্ত পেটেল আৰু আন তিনিগৰাকী আৰক্ষী কনিষ্টবল গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় ।