অসম

assam

ETV Bharat / jagte-raho

গোলাঘাটত চাৰি বাঘ হত্যাকাৰীক গ্ৰেপ্তাৰ - বাঘটোৰ শৰীৰৰ

গোলাঘাটৰ তৰফাট আহোম গাঁৱৰ নাহৰফুটুকী হত্যাৰ লগত জড়িত থকাৰ অপৰাধত আৰু লোক গ্ৰেপ্তাৰ হোৱাৰ আশংকা আছে বুলি জানিবলৈ দিয়ে গোলাঘাট বন বিভাগে ।

four-people-arrested-for-involved-in-tiger-killing-case-of-golaghat
গোলাঘাটত চাৰি বাঘ হত্যাকাৰীক গ্ৰেপ্তাৰ, উদ্ধাৰ বাঘৰ নখ,ছাল আৰু দাঁত

By

Published : Apr 24, 2020, 11:58 AM IST

গোলাঘাট, 24 এপ্ৰিল : গোলাঘাটৰ তৰফাট আহোম গাঁৱত 18 এপ্ৰিলত এদল জীৱশ্ৰেষ্ঠ মানুহে সংঘটিত কৰিছিল এক নৃশংস ঘটনা । এদল উদণ্ড মানুহে হত্যা কৰিছিল এটা নাহৰফুটুকী বাঘক । নাহৰফুটুকীটোক হানি খুচি হত্যা কৰিয়ে শান্ত থকা নাছিল একাংশ জীৱশ্ৰেষ্ঠ মানুহে । বাঘটোৰ দাঁত,নখ,ছাল আৰু শৰীৰৰ নিম্নাংশ কাটি লৈ যায় । বাঘটোৰ শৰীৰৰ বাকী অংশ এখন হাবিৰ মাজত গাঁতত পুতি থৈছিল দুষ্কৃতিকাৰীয়ে । এইসকলোবোৰ দৃশ্য কোনো লোকৰ মোবাইল কেমেৰাত আবদ্ধ হৈছিল । ইয়াৰ পিছতেই সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল নাহৰফুটুকীটোৰ ওপৰত চলোৱা নৃশংসতাৰ দৃশ্য ।

গোলাঘাটত চাৰি বাঘ হত্যাকাৰীক গ্ৰেপ্তাৰ, উদ্ধাৰ বাঘৰ নখ,ছাল আৰু দাঁত

এই দৃশ্য ভাইৰেল হৈ পৰাৰ পাছতে গোলাঘাট আৰক্ষী আৰু বন বিভাগে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এই ঘটনাৰ লগত জড়িত ৰক্তিম গগৈ, জোনমন গগৈ, ঠগিৰাম গগৈ আৰু নিত্যানন্দ শইকীয়া নামৰ চাৰিজন ব‍্যক্তিক । চাৰিওজন ব‍্যক্তিয়ে এই ঘটনা সংঘটিত কৰাৰ কথা স্বীকাৰ কৰি নাহৰফুটুকীটোৰ হত্যা কৰাৰ পিছত উক্ত গাঁৱৰে ৰমেন গগৈ আৰু দুৰ্লভ গগৈয়ে নাহৰফুটুকীটোৰ পিছৰ মাংস আৰু নেজডাল আৰু বাঘটোৰ ছাল ঠগিৰাম গগৈ আৰু নিত্যানন্দ শইকীয়াই কাটি নিয়া বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰ কৰে। লোককেইজনৰ পৰা গোলাঘাট বন বিভাগে নাহৰফুটুকীটোৰ অলপ ছাল,নখ আৰু দাঁত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে । নাহৰফুটুকী হত্যাৰ লগত জড়িত আৰু লোক গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে বুলি জানিবলৈ দিয়ে গোলাঘাট বন বিভাগে ।
লগতে পঢ়ক : ঢেকিয়াজুলীত দৰিদ্ৰ লোকৰ বাবে 'কমিউনিটি কিটচেন'

ABOUT THE AUTHOR

...view details