ধুবুৰী, 27 জুনঃ ধুবুৰী জিলাৰ গোলকগঞ্জ অঞ্চলৰ উত্তৰ ৰায়পুৰত সংঘটিত হয় ভয়ংকৰ মাৰপিটৰ ঘটনা ৷ ইতিমধ্যে উক্ত ঘটনাত কেইবাজন লোক আহত হোৱাৰ উপৰিও এজন লোকক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰিছে চিকিৎসকে ৷
ভূমি বিবাদক কেন্দ্ৰ কৰি দুই ফৈদৰ সংঘাত
ধুবুৰীত ভূমি কেন্দ্ৰীক বিবাদত এজন লোকৰ হাত কটা যোৱাৰ লগতে আহত কেইবাজনো পুৰুষ-মহিলা ৷ ইতিমধ্যে আহত সকলক ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰিছে স্থানীয় লোকে ৷
ধুবুৰী জিলাৰ গোলকগঞ্জৰ উত্তৰ ৰায়পুৰত ভূমি বিবাদক কেন্দ্ৰ কৰি সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা ৷ উল্লেখ্য যে, শনিবাৰে এটা গৰু পোৱালি খেতি পথাৰত সোমোৱাৰ বাবে ৰাতিপুৱা প্ৰায় 7 বজাত এই ঘটনা সংঘটিত হয় । উক্ত ঘটনাটোত দুই পক্ষৰ পুৰুষ মহিলা সহ কেইবাজনো গুৰুতৰভাৱে আহত হৈছে ৷ ইয়াৰে চাৰিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে ৷ আনহাতে, ছাবেৰ আলী নামৰ লোকজনক সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰিছে চিকিৎসকে । ঘটনাটোত ছাবেৰ আলী নামৰ লোক জনক বুকুত ছুৰিৰে আঘাত কৰাৰ উপৰিও তেওঁৰ সো-হাতখন কটা যায় । দীৰ্ঘ দিনৰে পৰাই দুয়ো পক্ষৰ মাজত এডোখৰ ভূমিক লৈ সংঘাট হৈ আছিল বুলি জানিবপৰা গৈছে ।
লগতে পঢ়ক- বাঢ়নী পানীত পৰি 4 বছৰীয়া কণমানিৰ সলিল সমাধি