অসম

assam

গোলাঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

AS-03-H-7335 নম্বৰৰ টাটা ইণ্ডিগ' গাড়ীৰে গোলাঘাট অভিমুখে 25 গ্ৰাম ড্ৰাগছ আনি থকাৰ সময়ত দিগন্ত বৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষীয়ে ।

By

Published : Oct 28, 2020, 10:37 AM IST

Published : Oct 28, 2020, 10:37 AM IST

গোলাঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী
গোলাঘাটত আৰক্ষীৰ অভিযানত ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

গোলাঘাট, 28 অক্টোবৰ : গোলাঘাটত পুনৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ হয় সৰবৰাহকাৰী । ড্ৰাগছ ব্যৱসায়ীৰ ৰম্যভূমি লৈ পৰিণত হোৱা গোলাঘাটত কঠোৰ হৈছে গোলাঘাট আৰক্ষী । একপ্ৰকাৰে ড্ৰাগছ সৰবৰাহকাৰী, সেৱন কৰোঁতা আৰু ব্যৱসায়ী কৰা সকলক কঠোৰভাৱে দমন কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষীয়ে । তথাপিও এচামে আজিও গোপন কৌশলেৰে চলাই আছে ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় ।

ড্ৰাগছসহ গ্ৰেপ্তাৰ সৰবৰাহকাৰী

এইবাৰ গোলাঘাট আৰক্ষী অধীক্ষকৰ এক তথ্যৰ ভিত্তিত গোলাঘাটৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত জামুগুৰিত গাড়ীত ড্ৰাগছ সৰবৰাহ কৰাৰ সময়ত এগৰাকী সৰবৰাহকাৰীক হাতে-লোটে ধৰা পেলাই আৰক্ষীয়ে । AS-03-H-7335 নম্বৰৰ টাটা ইণ্ডিগ' গাড়ীৰে গোলাঘাট অভিমুখে 25 গ্ৰাম ড্ৰাগছ আনি থকাৰ সময়ত দিগন্ত বৰা নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে গোলাঘাট আৰক্ষীয়ে । দিগন্ত বৰাৰ বিৰুদ্ধে পূৰ্বটো ড্ৰাগছৰ ব্যৱসায় আৰু গঁড়ৰ খৰ্গৰ ব্যৱসায় কৰাৰ অভিযোগ আছে । ড্ৰাগছৰ বিৰুদ্ধে গোলাঘাট আৰক্ষী কঠোৰ হৈছে যদিও একাংশ ড্ৰাগছ সহবৰাহকাৰীক নাকি লগাবলৈ সক্ষম হোৱা নাই । গোলাঘাট আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এনে অভিযানক শলাগ লৈছে সচেতন মহলে ।

লগতে পঢ়ক :মিঞা সংগ্ৰহালয় প্ৰসংগঃ মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান বিধায়ক শ্বেৰমানৰ

ABOUT THE AUTHOR

...view details