অসম

assam

By

Published : Aug 29, 2019, 9:24 PM IST

ETV Bharat / jagte-raho

বিলাসীপাৰাত অব্যাহত অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি

বিলাসীপাৰাত ৰাইজে জব্দ কৰে দুখনকৈ অবৈধ বালি কঢ়িওৱা বাহন ৷ ধুবুৰীৰ বন বিষয়া বিশ্বজিৎ ৰায় আৰু সাপটগ্ৰামৰ মাণ্ডলিক বন বিষয়া শম্ভু খানৰ নেতৃত্বতে অবৈধ বালিৰ মহলত খনন অব্যাহত আছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷

বিলাসীপাৰাত অব্যাহত অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি

বিলাসীপাৰা, 29 আগষ্টঃ বৃহস্পতিবাৰে বিলাসীপাৰাৰ চণ্ডীকাটাত ৰাইজে জব্দ কৰে দুখন অবৈধ বালি কঢ়িওৱা বাহন ৷ বন বিভাগৰ ছত্ৰছায়াত বিলাসীপাৰা মহকুমাৰ সাপটগ্ৰাম বন কাৰ্যালয়ৰ অধীনস্থ শৌলমাৰী,পাটীমাৰী , ঢেমঢেমা, ভালুকমাৰী আদি ঠাইত অবৈধ ভাবে শিল বালি মহল চলি থকাৰ দীৰ্ঘদিনীয়া অভিযোগৰ পিচতে ৰাইজে জব্দ কৰে দুখনকৈ বাহন ৷

বিলাসীপাৰাত ৰাইজে জব্দ কৰে দুখনকৈ অবৈধ বালি কঢ়িওৱা বাহন

বিগত দিনত ৰাইজে সাপটগ্ৰাম বন কাৰ্যালয়ত এই বিষয়ে গুৰুতৰ অভিযোগ দাখিল কৰি আহিছে ৷ কিন্তু বন বিভাগে কোনো গুৰুত্ব প্ৰদান কৰা নাছিল ৰাইজৰ অভিযোগক ৷ অৱশেষত ৰাইজে বৃহস্পতিবাৰে বন্ধ কৰে দুখনকৈ অবৈধ বালি কঢ়িওৱা বাহন ৷ দুয়োখন বাহনেই ভুৱা চালানেৰে বালি কঢ়িয়াই আনিছিল ৷ ৰাইজে জব্দ কৰা দুয়োখন বাহন ক্ৰমে AS 19 A 0193 আৰু AS 17 B 8804ৰ এখনটো নাছিল কোনোধৰণৰ বৈধ নথি-পত্ৰ তথা চালান ৷

অবৈধ শিল বালি ছিণ্ডিকেট চক্ৰৰ দপদপনি

কিন্তু ৰাইজে জব্দ কৰা ট্ৰাক দুখনৰ চালানসমূহ বৈধ বুলি ৰাইজক জনায় বন বিষয়া শম্ভু খানে ৷ ধুবুৰী জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিশ্বজিৎ ৰায়ে একাংশ চোৰাং ব্যৱসায়ীৰ সৈতে অবৈধ লেন-দেন অব্য়াহত ৰাখি লাখ লাখ টকাৰ উৎকোচ লৈ আহিছে ৷

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details