কৰিমগঞ্জ, 22 আগষ্ট: ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা ৷ আদালতৰ নিৰ্দেশৰ পাচতো কাছাৰ জিলাৰ গুমৰা, কালাইন, কাটিগড়া হৈ আহি কৰিমগঞ্জত সোমাইছে মেঘালয়ৰ গৰু ৷ ইয়াৰ পূৰ্বে মেঘালয়ত 54 টাকৈ অসমৰ গৰু জব্দ হোৱাৰ বাতৰি ইতিমধ্যে প্ৰচাৰ হৈছে ৷
ঘটনা সন্দৰ্ভত কালীগঞ্জ এলেকাৰ গৰু সৰবৰাহকাৰী জনৈক উকিল আহমদে ওলোটাকৈ আৰক্ষী থানাত এখন লিখিত হলফনামা দিছে ৷ হলফনামা অনুসৰি, মেঘালয়ৰ পৰা সৰহসংখ্যক গৰু অসমলৈ অনা হৈছে ৷ ইফালে মাজবাটতে 10 টা গৰুৰ মৃত্যু হৈছে ৷ কিন্তু তেওঁৰ হাতত গৰু সৰবৰাহৰ কোনো প্ৰমাণপত্ৰ লাভ কৰা নাই আৰক্ষীয়ে ৷ বৰ্তমান আৰক্ষীৰ জিম্মাত আছে জনৈক উকিল আহমদ ৷
কৰিমগঞ্জত চোৰাং গৰু সৰবৰাহকাৰীক আটক ইফালে, কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষকে কয় যে, উক্ত ঘটনা সন্দৰ্ভত তেওঁলোকে লিখিত গোচৰ নোপোৱাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ সম্প্ৰতি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি অনুসন্ধান চলাই আছে বুলি জানিবলৈ দিয়ে ৷
আনহাতে, জিলাখনৰ বিশ্ব হিন্দু পৰিষদৰ গো ৰক্ষা সমিতিয়ে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ সৰবৰাহ হোৱা গৰুকেইটা উদ্ধাৰ কৰাৰ লগতে উকিল আহমেদক কঠোৰ শাস্তি দিব লাগিব বুলি দাবী উত্থাপন কৰে সংগঠনটোৱে ৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে বিশ্ব হিন্দু পৰিষদে ৷
লগতে পঢ়ক:কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত ৭৫হাজাৰৰো অধিক টকাৰ বিড়ি জব্দ