অসম

assam

ETV Bharat / jagte-raho

বিলাসীপাৰাত জব্দ বহু সংখ্যক পশুধন - ধুবুৰী জিলা

ধুবুৰী জিলাৰ পশ্চিম বিলাসীপাৰাত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে উদ্ধাৰ কৰিলে গৰু আৰু মহৰ এটা বৃহৎ জাক ৷ আৰক্ষীয়ে অভিযানত পশুধন সমুহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰে এই চোৰাং সৰবৰাহৰ লগত জড়িত দলটো ৷

Cattle,Buffalo & Engine Boat Seized by Police At Bilashipara
বিলাসীপাৰাত জব্দ বহু সংখ্য়ক পশুধন

By

Published : Sep 4, 2020, 7:51 AM IST

Updated : Sep 4, 2020, 8:21 AM IST

পশ্চিম বিলাসীপাৰা, 4 ছেপ্তেম্বৰঃ ধুবুৰীত বৰ্তমানেও অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ তথা ব্যৱসায়ৰ এটা বৃহৎ চিণ্ডিকেট ৷ সক্ৰিয় হৈ আছে গৰু মহকে ধৰি বিভিন্ন পশুধনৰ এখন চোৰাং বজাৰ ৷

এই অবৈধ ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীয়ে বিভিন্ন সময়ত চলাই গৈছে অভিযান ৷ বৃহস্পতিবাৰে নিশা এক গোপন সূত্ৰৰ পম খেদি জিলাখনৰ অন্তৰ্গত গৌৰাং নৈত নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীৰ নেতৃত্বত বিলাসীপাৰা আৰক্ষীয়ে চলাই এক অভিযান ৷ আৰক্ষীৰ এই অভিযানত ইঞ্জিন চালিত এখন নাৱেৰে বাংলাদেশলৈ চোৰাংভাৱে নি থকা অৱস্থাত বানিয়াপাৰা ছট পূজা ঘাটত নাও সহিতে ৭ টা মহ আৰু ৬ টাকৈ গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

বিলাসীপাৰাত জব্দ বহু সংখ্য়ক পশুধন

এই ঘটনাই পুনৰ এবাৰ প্ৰমাণ কৰিলে, জিলাখনৰ বিলাসীপাৰা মহকুমাত অসাধু চক্ৰই নদী পথেৰে নিশাৰ ভাগত কি দৰে বাংলাদেশলৈ সৰবৰাহ কৰি চলাই আহিছে গৰু আৰু মহৰ এখন চোৰাং ব্যৱসায় ৷

অৱশ্যে বৃহস্পতিবাৰৰ এই অভিযান কালত নাৱত থকা ৫জন কৈ অধিক চোৰাং সৰবৰাহকাৰীয়ে নদীত জাপ দি পলায়ন কৰে ৷ অভিযানকাৰী দলটোৱে পশুধনৰ সৰবৰাহত ব্যৱহৃত নাও খন জব্দ কৰাৰ লগতে বুজন পৰিমানত থকা গৰু আৰু মহকেইটা উদ্ধাৰ কৰি নাও খন স্থানীয় গাঁও ৰক্ষী বাহিনীৰ জিম্মাত দিয়াৰ লগতে জব্দকৃত গৰু আৰু মহৰ জাকটোক খোৱাৰত ( POND) ৰখাৰ ব্যৱস্থা কৰে আৰক্ষীয়ে ৷

ঘটনা সন্দৰ্ভত অধিক তথ্য আহৰণৰ উদ্দেশ্যে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷

লগতে পঢ়ক-দুৰ্বৃত্তই জ্বলালে গনককুছি সত্ৰৰ গুৰুআসন

Last Updated : Sep 4, 2020, 8:21 AM IST

ABOUT THE AUTHOR

...view details