ধুবুৰী, 26 অক্টোবৰঃধুবুৰীৰ কাতলামাৰী অঞ্চলত গাঁওৰক্ষী বাহিনী আৰু ৰাইজৰ যৌথ অভিযানত বৃহৎ পৰিমানৰ অবৈধ গাঞ্জা খেতি উচ্ছেদ কৰিবলৈ সক্ষম হয় ।
ধুবুৰীৰ চৰাঞ্চলৰ একাংশ অসাধু লোকে গোপনে বহু বিঘা ভূমিত কৰিছিল অবৈধ গাঞ্জা খেতি । এক গোপন সূত্ৰৰ জড়িয়তে লাভ কৰা খবৰৰ ভিত্তিত ধুবুৰীৰ কাতলামাৰী আৰু মাজেৰ চৰৰ বিভিন্ন অঞ্চলত অবৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায় গাঁওৰক্ষী বাহিনী আৰু ৰাইজে ।